বহু বনৰীয়া জন্তুৱে আঘাত পালে বা অসুস্থ হ’লে মানুহৰ দৰেই ব্যৱহাৰ কৰে যদিও আঘাত ভাল কৰিবলৈ এই প্ৰাণীবোৰে প্ৰাকৃতিক চিকিৎসা কৰা দেখা যায়৷ সাধাৰণতে ক’ৰবাত আঘাত পালে বা ঘাঁ লাগিলে এই জীৱ-জন্তুবোৰে ঔষধ হিচাপে ব্যৱহাৰ কৰে গছৰ পাত ।
শেহতীয়াকৈ ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যানত এটা ওৰাংওটাঙৰ কাৰ্য্যই এই কথা প্ৰমাণ কৰাৰ লগতে বিজ্ঞানীসকলকো আচৰিত কৰি তুলিছে।
ইণ্ডোনেছিয়াৰ সুমাট্ৰাৰ গৱেষকসকলে গুনুং লিউজাৰ ৰাষ্ট্ৰীয় উদ্যানত এটা ৩৫ বছৰীয়া মতা ওৰাংওটাঙে বনৌষধিৰে নিজৰ শৰীৰৰ ঘাঁৰ চিকিৎসা কৰি থকা দেখি স্তম্ভিত হৈ পৰে। এই ঘটনা ২০২২ চনৰ জুন মাহৰ যদিও বিজ্ঞানীসকলে আজি কিছুদিনৰ আগতে এই চাঞ্চল্যকৰ তথ্য শ্বেয়াৰ কৰিছে।
গৱেষকসকলে প্ৰথমবাৰৰ বাবে ২৫ জুনত ওৰাংওটাঙৰ মুখত এইটুকুৰা ঘাঁ দেখিছিল। কিন্তু সেই ওৰাংওটাংটোৱে ঔষধি উদ্ভিদৰ পাতবোৰ চোবাই একেৰাহে আঠ দিন তাৰ চকুৰ তলৰ ঘাঁ ডোখৰত লগালে আৰু অতি কম সময়ৰ ভিতৰতে সেই ঘাঁডোখৰ সম্পূৰ্ণৰূপে ভাল হৈ পৰিল। ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণিত হৈছে যে এই ওৰাংওটাংবোৰ উদ্ভিদৰ ঔষধি গুণৰ ক্ষেত্ৰত ভালদৰেই অভিজ্ঞ।
বিজ্ঞানীসকলে এই গৱেষণা কৰা এই সংৰক্ষিত বৰ্ষাৰণ্যত প্ৰায় ১৫০ টা ওৰাংওটাং আছে যি বৰ্তমান বিলুপ্তিৰ পথত । তাৰ ভিতৰত সোঁ চকুৰ তলত আঘাতপ্ৰাপ্ত এই ওৰাংওটাঙৰ নাম ৰাকুছ ।
পৰ্যবেক্ষণৰ সময়ত গৱেষকসকলে জানিব পাৰিলে যে ওৰাংওটাঙে ফাইব্ৰ’ৰিয়া টিংক্ট’ৰিয়া গছৰ পাত চোবাই তাৰ ৰস আঘাতপ্ৰাপ্ত স্থানত ঘঁহিছে । এই উদ্ভিদ ঔষধি গুণৰ বাবে জনাজাত, যাৰ সহায়ত মানুহে বিষ আৰু বিৰক্তিৰ পৰা উপশম পায়।
এই উদ্ভিদ এণ্টি অক্সিডেন্ট হোৱাৰ উপৰিও ই ঘাঁ ভাল হোৱাতো সহায় কৰে। লগতে ই এন্টি-ইনফ্লেমেটৰী গুণ থকাৰ উপৰিও ভেঁকুৰ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰে। একে সময়তে মেলেৰিয়াৰ দৰে ৰোগ নিৰাময়ৰ বাবেও ব্যৱহাৰ কৰা হয় এই উদ্ভিদ।