ইউনিক আইডেন্টিফিকেচন অথ’ৰিটি অৱ ইণ্ডিয়াই (UIDAI) আগবঢ়াইছে এক বিশেষ সুবিধা। সুবিধা অনুযায়ী ফোন নম্বৰ নথিভুক্ত নথকাকৈ ডাউনলোড কৰিব পাৰি আধাৰকাৰ্ড। আধাৰ সংস্থাৰ অফিচিয়েল ৱেবচাইট uidai.gov.in লৈ গৈ যিসকল লোকৰ ফোন নম্বৰ নথিভুক্ত নাই ,সেইসকলে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব।
নথিভুক্ত ফোন নম্বৰ নাথাকিলেও কিদৰে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰি সেই বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-
- ইউনিক আইডেন্টিফিকেচন অথ’ৰিটি অৱ ইণ্ডিয়াৰ অফিচিয়েল ৱেবচাইট uidai.gov.in লৈ যাব লাগিব।
- তাত থকা ‘My Aadhaar’ ৰ অপচনৰ ‘Order Aadhaar reprint’ ত ক্লিক কৰিব লাগিব।
- ১২ টা ডিজিটৰ আধাৰ নম্বৰ বা ১৬ টা ডিজিটৰ ভাৰ্চুৱেল আইডেন্টিফিকেচন নম্বৰ তাত লিখিব লাগিব।
- ইয়াৰ পাছত ক্যেপচা ক’ড দিব লাগিব ।
- ‘My mobile is not registered’ এই অপচনত ক্লিক কৰিব লাগিব। ইয়াৰ পাচত বিকল্প বা নথিভুক্ত নকৰা মোবাইল নম্বৰ দিব লাগিব।
- ইয়াৰ পাছত ‘Terms and Conditions’ আৰু ‘Send OTP’ অপচনত ক্লিক কৰিব লাগিব।
- এই সমগ্ৰ তথ্য ‘Submit’ কৰিব লাগিব।
- এই কাম সম্পূৰ্ণ হোৱাৰ পাছত এখন নতুন পেজ খোল খাব য’ত থকা ‘Preview Aadhaar Letter for further verification for reprint’ অপচনত ক্লিক কৰিব লাগিব।
- ‘Make Payment’ ত ক্লিক কৰাৰ পাচত পিডিএফ ডাউনলোড কৰাৰ বাবে ডিজিটেল স্বাক্ষৰ দিব লাগিব।
- ইয়াৰ পাছত এছ এম এছৰ জৰিয়তে চাৰ্ভিচ ৰিয়েক্টৰ নম্বৰ পোৱা যাব য’ত নিজৰ আধাৰ কাৰ্ডৰ বিষয়ে জানিব পাৰিব লোকসকলে।