ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানীয়ে এই ভেকচিনৰ বিৰল পাৰ্শ্বক্ৰিয়া হ’ব পাৰে বুলি স্বীকাৰ কৰাৰ পিছতে এষ্ট্ৰাজেনেকাই নিজৰ ক’ভিড-১৯ ভেকচিন বিশ্বব্যাপী প্ৰত্যাহাৰৰ কাম আৰম্ভ কৰিছে। এষ্ট্ৰাজেনেকা আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ে প্ৰস্তুত কৰা এই ভেকচিনটো ভাৰতত ছিৰাম ইনষ্টিটিউটে কভিশ্বিল্ড নামেৰে প্ৰস্তুত কৰিছিল।
অৱশ্যে পার্শ্চক্ৰিয়াৰ বাবে ভেকচিন প্ৰত্যাহাৰ কৰা বুলি নিশ্চিত কৰা নাই ৷ বৰঞ্চ ভেকচিন নিৰ্মাতা কোম্পানীটোৱে প্ৰকাশ কৰিছে যে ক’ভিড-১৯ৰ শেহতীয়া উপলব্ধ অতিৰিক্ত ভেকচিনৰ বাবে ব্যৱসায়িক কাৰণত বিশ্বজুৰি প্ৰত্যাহাৰ আৰম্ভ কৰা হৈছে। এষ্ট্ৰাজেনেকাই জনোৱা মতে, ভেকচিনটোৰ ঠাইত নতুন ভিন্নতাসমূহৰ সৈতে মোকাবিলা কৰা শেহতীয়া ভেকচিনসমূহে স্থান লাভ কৰিছে।
ইউৰোপীয় সংঘত কোম্পানীটোৱে স্বেচ্ছাই “বিপণন অনুমোদন” প্ৰত্যাহাৰ কৰি কয় যে ভেকচিনটো এতিয়া উৎপাদন কৰা হোৱা নাই আৰু ইয়াক ব্যৱহাৰ কৰিব নোৱাৰি। ভেকচিন ব্যৱহাৰ কৰি অহা আন দেশসমূহতো একেধৰণৰ প্ৰত্যাহাৰ কৰা হ’ব। ক’ভিড ভেকচিনৰ ফলত কেইবাজনো লোকৰ মৃত্যু আৰু অসুস্থ হোৱা বুলি দাবী কৰি ব্ৰিটেইনত ১০ কোটি পাউণ্ডৰ গোচৰৰ সন্মুখীন হৈছে ফাৰ্মাচিউটিকেল প্ৰতিষ্ঠানটো। ফেব্ৰুৱাৰী মাহত আদালতত এষ্ট্ৰাজেনেকাই স্বীকাৰ কৰিছিল যে কভিশ্বিল্ডে “অতি বিৰল ক্ষেত্ৰত থ্ৰম্ব’চাইট’পেনিয়া চিণ্ড্ৰমৰ সৈতে টিটিএছ বা থ্ৰম্ব’ছিছ”ৰ সৃষ্টি কৰিব পাৰে।
টিটিএছৰ ফলত মানুহৰ তেজ জমা হয় আৰু তেজৰ প্লেটলেটৰ সংখ্যা কমি যায় ৷ ব্ৰিটেইনত কমেও ৮১ জন লোকৰ মৃত্যুৰ কাৰণ এই ভেকচিন বুলি ধাৰণা কৰা হৈছে ৷ অৱশ্যে কভিশ্বিল্ড প্ৰত্যাহাৰৰ সিদ্ধান্ত আদালতৰ গোচৰৰ সৈতে জড়িত বুলি অস্বীকাৰ কৰিছে ভেকচিন নিৰ্মাতা কোম্পানীটোৱে।
-এষ্ট্ৰাজেনেকাই এক বিবৃতিত এইদৰে কয়-“স্বতন্ত্ৰ অনুমান অনুসৰি কেৱল ব্যৱহাৰৰ প্ৰথম বছৰতে ৬৫ লাখতকৈ অধিক লোকৰ জীৱন ৰক্ষা কৰা হৈছিল আৰু বিশ্বজুৰি তিনি বিলিয়নতকৈ অধিক ড’ছ যোগান ধৰা হৈছিল। আমাৰ এই প্ৰচেষ্টাক বিশ্বৰ চৰকাৰসমূহে স্বীকৃতি দিছে আৰু বিশ্ব মহামাৰীৰ অন্ত পেলোৱাৰ এক জটিল উপাদান হিচাপে বহুলভাৱে গণ্য কৰা হৈছে। ইয়াৰ পিছত যিহেতু একাধিক ভেৰিয়েন্টৰ ক’ভিড ভেকচিন প্ৰস্তুত কৰা হৈছে, সেয়েহে উপলব্ধ শেহতীয়া ভেকচিনৰ অতিৰিক্ত পৰিমান জমা আছে ৷ আমি এতিয়া নিয়ন্ত্ৰক আৰু আমাৰ অংশীদাৰসকলৰ সৈতে এই অধ্যায়ৰ সামৰণিৰ বাবে কাম কৰিম আৰু ক’ভিড মহামাৰীত উল্লেখযোগ্য অৱদান আগবঢ়াব পৰাকৈ আগুৱাই যোৱাৰ স্পষ্ট পথত একত্ৰিত হ’ম।’