অনলাইনত কাপোৰৰ পৰা খাদ্য সামগ্ৰীলৈকে বিভিন্ন সামগ্ৰী ক্ৰয় কৰে বহুলোকে ৷ অনলাইনত সুগন্ধি ক্ৰয় কৰিলে কেনেদৰে চিনিব যে ইয়াৰসুগন্ধি কম নে বেছি ? আহকচোন চাও কেই্টামান টিপছ ৷
১. ইণ্টাৰনেটত সুগন্ধিৰ লগত জড়িত বিভিন্ন চাইট আছে, তাতেই ইয়াৰ মান সম্পর্কে জানিব পাৰি ৷ শেহতীয়াকৈ নেটিজেনসকলেও ছ’চিয়েল মিডিয়াত বিভিন্ন বিষয়ত নিজৰ মতামত আগবঢ়াইছে। সেই সকলোবোৰ ‘পৰ্যালোচনা’ উপযোগী হ’ব পাৰে।
২. প্ৰতিটো সুগন্ধিৰ নিজস্ব সুকীয়া বৈশিষ্ট্য আছে। সেই সকলোবোৰ বৈশিষ্ট্য অতি ভালদৰে চাওক। কিছুমানৰ গোন্ধ ফুল বা ফলৰ দৰে। আকৌ কিছুমানৰ অতি চিনাকি মছলাৰ গোন্ধ থাকে। তেওঁলোকৰ নামো বেলেগ বেলেগ। বিখ্যাত কোম্পানীটোৰ সুগন্ধিৰ বিষয়ে আগতীয়াকৈ ইণ্টাৰনেটত পঢ়িব পাৰিব।
৩. প্ৰথমতেই পাৰফিউমৰ ডাঙৰ বটল কিনিবলৈ ধন ব্যয় কৰিব নালাগে। দোকানত গৈ ‘টেষ্টাৰ’ স্প্ৰে কৰি গোন্ধটো চাব পাৰে। কিন্তু অনলাইন বজাৰ কৰাৰ পূর্বে আপুনি সৰু চেম্পল বটল কিনিব পাৰে।