জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃৰ বিয়োগ ঘটিছে ৷ ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতে যোৱা নিশা শিল্পী গৰাকীৰ মাতৃ লাৱণ্য গগৈৰ দেহাৱসান ঘটে ৷ প্ৰাপ্ত তথ্য অনুসৰি লাৱণ্য গগৈ কালি বিয়লি এক পেছাৰ’ষ্টকত আক্ৰান্ত হয় ৷ লগে লগে তেওঁক ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে লৈ যোৱা হয় ৷কিন্তু চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ ইয়াৰ পাছতে নিজ গাঁৱত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷
জনপ্ৰিয় শিল্পী গৰাকীৰ মাতৃৰ বিয়োগত শোক প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ এক শোকবার্তাত তেওঁ কয়-“জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ, ধেমাজিৰ লাৱণ্য গগৈৰ বিয়োগৰ খবৰ শুনি অতিকৈ মৰ্মাহত হৈছোঁ। তেখেতৰ পুণ্য আত্মাৰ চিৰশান্তি কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জনালোঁ। “
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে শোকপ্ৰকাশ কৰি কয় – “জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈৰ মাতৃ, চিলাপথাৰৰ জলকীয়াসুতি গাঁৱৰ সৰবৰহী মহিলা লাৱণ্য টায়ে গগৈৰ আকস্মিক বিয়োগৰ খবৰত ব্যথিত হৈছোঁ৷ প্ৰয়াত আইগৰাকীৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ৷ আৰু ভাতৃপ্ৰতিম মৌচমসহিতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷”