জন্মৰ পৰাই কাণেৰে নুশুনা এটা ১৮ মহীয়া বধিৰ কন্যা শিশুৰ শ্ৰৱণ শক্তি ঘুৰাই আনিবলৈ সক্ষম হৈছে চিকিৎসক ৷ কাণ আৰু মগজুৰ স্নায়ুৰ জটিল সমস্যাৰ বাবে নৱজাতকটিয়ে শ্ৰৱণ ক্ষমতা হেৰুৱাই পেলোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে। শিশুটিৰ পিতৃ-মাতৃয়েও তেওঁ সুস্থ হৈ উঠাৰ আশা এৰি দিছিল । কিন্তু চিকিৎসকে হাৰ নামানিলে। শ্ৰৱণ ক্ষমতা পুনৰ ঘূৰাই আনিবলৈ তেওঁলোকে সাধাৰণ চিকিৎসাৰ পৰিৱৰ্তে ‘জিন থেৰাপী’ৰ সহায় লৈছিল। নৱজাতকৰ বাবে এই থেৰাপীয়ে কাম কৰিবলৈ আৰম্ভ কৰিলে । লাহে লাহে তেওঁৰ শ্ৰৱণ ক্ষমতা ঘূৰি আহিল।
চিকিৎসকে জনোৱা মতে, অ’পল ছেণ্ডী নামৰ ১৮ মহীয়া কন্যা শিশুটিৰ জন্মতে কাণ আৰু মগজুৰ স্নায়ুৰ জটিল ৰোগ ‘অডিটৰী নিউৰ’পেথী’ ৰোগত আক্ৰান্ত হৈছিল। যদি কোনো ৰোগ জন্মগত হয় তেন্তে সম্পূৰ্ণ নিৰাময়ৰ আশা কম। সেই কথা জানি কেম্ব্ৰিজৰ এডেনব্ৰুক হাস্পতালৰ চিকিৎসকে শিশুটিৰ ওপৰত পৰীক্ষামূলকভাৱে এই বিশেষ চিকিৎসা পদ্ধতিটো প্ৰয়োগ কৰাৰ সিদ্ধান্ত লয়। চিকিৎসালয়খনৰ কাণ, নাক আৰু ডিঙিৰ চিকিৎসক তথা ট্ৰায়েলৰ মুৰব্বী মনোহৰ বায়ান্সে কয় যে পৰীক্ষামূলক পদ্ধতিয়ে অভাৱনীয় ফলাফল প্ৰদান কৰিলে। তেওঁ আশা কৰে যে এই থেৰাপীয়ে ভৱিষ্যতে শ্ৰৱণ ক্ষমতাৰ সমস্যা সমাধান কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব ৷
‘শ্ৰৱণ স্নায়ুৰোগ’ কি?
আচলতে ই এক জিনীয় ৰোগ। অ’টিঅ’এফ(‘OTOF’ বা Otoferlin) জিনত থকা সমস্যাই কাণত এনে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই জিনৰ পৰা এটা প্ৰটিন নিঃসৰণ হয়, যিয়ে মগজু আৰু কাণৰ লগত জড়িত স্নায়ুবোৰৰ সঠিক কামত সহায় কৰে। নৱজাতকটিৰো এই জিনৰ সমস্যা আছিল। চিকিৎসকে জনোৱা মতে, ৪ সপ্তাহ জিন থেৰাপীৰ পিছত কেঁচুৱাটিৰ শ্ৰৱণ ক্ষমতা ঘূৰি আহিবলৈ আৰম্ভ কৰে। ২৪ সপ্তাহৰ পিছত তেওঁ সম্পূর্ণ সুস্থ হৈ উঠে ?