অসমৰ জলবায়ুত ১২ মাহে চাহিদা থকা এবিধ ফুল হৈছে নাৰ্জী ফুল। প্ৰায় প্ৰতিঘৰ মানুহৰ চৌহদতে পোৱা যায় এই ফুলবিধ। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত নাৰ্জী ফুলৰ বহুল ব্যৱহাৰ পৰিলক্ষিত হোৱা দেখা যায়। এই ফুলৰ সুন্দৰতাৰ উপৰি যথেষ্ট ঔষধি গুণো আছে।
- কটা-ছিঙা ঘাত নাৰ্জী ফুলৰ পাতৰ ৰস লগালে তেজ ওলোৱা বন্ধ হয় আৰু সোনকালে শুকায়।
- শৰীৰৰ বিভিন্ন স্থানত খজুৱতি হ’লে নাৰ্জী ফুলৰ পাত থেতেলিয়াই সেই স্থানত লগালে আৰাম পোৱা যায়।
- নাৰ্জী ফুলৰ পাত গৰম পানীত সিজাই সেই ৰসেৰে কুলকুলি কৰিলে দাঁতৰ বিষ কমে।
- শীতকালত হাত-ভৰিৰ ছাল শুকান হৈ যোৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নাৰ্জী ফুলৰ পাতৰ ৰসৰ লগত ভেচলিন মিহলাই লগালে ছাল নিমজ হৈ পৰে।
- অৰ্শ ৰোগত নাৰ্জী ফুলৰ ৰস উপকাৰী।
নাৰ্জী ফুলৰ চাহিদা বাৰ মাহে থকাৰ বাবে ইয়াৰ খেতি কৰি স্বাবলম্বীও হ’ব পাৰি। এই ফুলৰ বীজ সিঁচাৰ সময় আগষ্ট-ছেপ্তেম্বৰ মাহ। পুলিবোৰ ৫-৭ ছেঃ মিঃ (২-৩ ইঞ্চি) ওখ হোৱাৰ পাছত বাগিচাৰ ভেটিত শাৰী শাৰীকৈ ৰোপণ কৰিব লাগে। নাৰ্জী ফুলৰ পুলিবোৰ ২০-২৫ ছেঃ মিঃ ওখ হ’লে বা গছত ফুল ফুলিবলৈ ধৰাৰ আগতে বাঁহৰ খুঁটি পুতি গছবোৰ বান্ধি দিব লাগে।ইয়াৰ উপৰিও গছৰ গুৰিৰ পৰা বন-পাতবোৰ আঁতৰাই নিয়মীয়াকৈ পানীৰ যোগান ধৰিব লাগে।
উল্লেখ্য যে নিয়মিতভাৱে ফুল ছিঙিলেহে এই ফুলৰ উৎপাদন বাঢ়ে। আনহাতে নাৰ্জী ফুলৰ বাবে গোবৰ বা পচন সাৰেই যথেষ্ট। পুলি ৰোপণ কৰাৰ আগতে মাটিত যথেষ্ট পৰিমাণে গোবৰ সাৰ প্ৰয়োগ কৰি ল’বলগীয়া হয়। আনহাতে ব্যৱসায়িক ভিত্তিত নাৰ্জী ফুলৰ খেতি কৰিলে বিঘাই প্ৰতি নিৰ্দিষ্ট পৰিমাণৰ ইউৰিয়া, ছুপাৰ ফছফেট মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰি অধিক লাভৱান হ’ব পাৰি।