শান্তিৰ ন’বেল বঁটাৰ বাবে মনোনয়নপ্ৰাপ্ত অসম মুলুকৰ এগৰাকী সু-সন্তান, ডাইনী হত্যাৰ বাবে অহৰহ যুঁজ অব্যাহত ৰখা, কুসংস্কাৰ বিৰোধী আন্দোলনৰ অগ্ৰণী নেত্ৰী, “পদ্মশ্ৰী” প্ৰাপক ড০ বীৰুবালা ৰাভাৰ বিয়োগত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে । এক শোক বাৰ্তাত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়- “আজি অসমে হেৰুৱালে কু-সংস্কাৰ, ডাইনী বিৰোধী আন্দোলনৰ নিষ্ঠাবান, মানৱদৰদী, সততাৰ কৰ্মী । ড০ ৰাভাৰ আসন আৰু কোনোবাই যে পূৰাব পাৰিব ই বিশ্বাস নহয় । ড০ বীৰুবালা ৰাভা অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰে সম্পদ নাছিল, আছিল সমগ্ৰ ভাৰতৰে সম্পদ । ড০ বীৰুবালা ৰাভাই অসমৰ নাম বিশ্বৰ বুকুত জিলিকাই তুলিছিল । এগৰাকী মহীয়সী নাৰী আছিল তেওঁ।
” ড০ বীৰুবালা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে- অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ কাৰ্যকৰী সভাপতি দেবেন্দ্ৰ নাথ বসুমতাৰী আৰু আহ্বায়ক অৱনী ৰঞ্জন পাঠক, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নাথ সাহিত্য সভা, অসমৰ সভাপতি ড০ হৰ কুমাৰ নাথ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষি সিনহা, বিশিষ্ট গীতিকাৰ- কবি-সমাজ সচেতন লেখক শচীন দাস, প্ৰবীণ কন্ঠশিল্পী ডিজেন কাকতী, সংগ্ৰামী কৃষক শ্ৰমিক সংঘ, অসমৰ সাধাৰণ সম্পাদক দীনেশ দাস, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, বয়োজ্যেষ্ঠ কবি-সাহিত্যিক দুৰ্গা প্ৰসাদ শৰ্মা, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, বামুণীমৈদান লেখিকা সংস্থাৰ সম্পাদিকা পুতুলী ঠাকুৰীয়া মেধি, মাহেকীয়া আলোচনী ‘সংযোগ’ৰ সম্পাদকীয় সম্পাদক প্ৰশান্ত গগৈ, আজাৰা সাহিত্য সভাৰ উপ-সভাপতি বুলু কুমাৰী বড়া আদি দল-সংগঠনে । প্ৰতি দল-সংগঠনে একেমুখে কয়- আমি হেৰুৱালো সঁচা কু-সংস্কাৰকে ধৰি ডাইনী প্ৰথাৰ বিৰোধী এগৰাকী নিষ্ঠাবান সৈনিকক । ড০ ৰাভাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ ।