আমি বেছিভাগ মানুহেই সাধাৰণতে শোৱাৰ সময়ত আৰামদায়ক ভংগীমাত শুবলৈহে ভাল পাওঁ৷ কিন্তু আপুনি জানেনে যে টোপনিৰ ভংগীমাই আমাৰ স্বাস্থ্যৰ ওপৰত গভীৰ প্ৰভাৱ পেলাব পাৰে?
সেয়েহে এই প্ৰতিবেদন যোগে আগবঢ়াইছো বিভিন্ন টোপনিৰ ভংগীমা, ইয়াৰ সুবিধা আৰু অসুবিধা আৰু ভাল টোপনিৰ বাবে চাৰ্টাৰ্ড ফিজিঅ’থেৰাপিষ্ট ছেমি মাৰ্গীৰ কিছুমান কিটিপ।
যাৰ সহায়ত আপোনাৰ সু-স্বাস্থ্য আৰু ভাল টোপনীৰ বাবে আটাইতকৈ উপযুক্ত ভংগীমা বাছি ল’ব পাৰে আপুনিও আৰু ভাল টোপনীৰ ফলত দিনটো কৰ্মৰত অৱস্থাতো নিজকে অধিক শক্তিশালীযেন অনুভৱ কৰিব পাৰে।
টোপনিৰ ভংগীমা আৰু ইয়াৰ প্ৰভাৱ-
• বাওঁফালে কাটি হৈ শোৱা- গৰ্ভৱতী মহিলা আৰু হাৰ্টবাৰ্ণ, গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্স বা অন্ত্ৰৰ ৰোগত আক্ৰান্ত লোকৰ বাবে এই ভংগীমা বাওঁফালে কাটি হৈ শোৱাৰ এই ভংগীমা সৰ্বোত্তম।
• সোঁফালে কাটি হৈ শোৱা-হৃদৰোগী সকলে হৃদযন্ত্ৰৰ চাপ কমাবলৈ সোঁফালে কাটি হৈ শুব লাগে।
• পিঠিত ভৰ দি ওপৰলৈ মুখ কৰি শোৱা-এই ভংগীমাৰ ফলত স্লিপ এপনিয়া হ’ব পাৰে, য’ত উশাহ-নিশাহ বন্ধ হৈ পৰাৰ সম্ভাৱনা বৃদ্ধ পাউ। টোপনীৰ এই ভংগীমাই ডায়েবেটিছ আৰু মেদবহুলতাৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
• তললৈ পেট পেলাই শোৱা-তললৈ পেট পেলাই শুলে ডিঙি আৰু কঁকালৰ বিষ, মেৰুদণ্ড বেঁকা হোৱা আৰু মুখৰ বলিৰেখা পৰা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
• ভাল টোপনিৰ কিটিপ- আপোনাৰ স্বাস্থ্যৰ অৱস্থা অনুসৰি আপুনি নিজৰ বাবে টোপনীৰ উপযুক্ত ভংগীমা বাছি লওক। তললৈ পেট কৰি শুই ভালপোৱা লোকসকলে সাধাৰণতে গাৰু ব্যৱহাৰ কৰিব নালাগে ৷
• আনহাতে পিঠি তললৈ কৰি শুই ভালপোৱা লোকসকলে আঁঠুৰ তলত গাৰু ল’ব লাগে।
*অৱশ্যে শোৱাৰ ক্ষেত্ৰত সদায় আপোনাৰ বিচনাখন আৰামদায়ক হোৱা প্ৰয়োজন।
*ইয়াৰ উপৰিও প্ৰতি নিশা একে সময়তে শুবলৈ আৰু সাৰ পাবলৈ চেষ্টা কৰক।
*শোৱাৰ আগতে মানসিক চাপ হ্ৰাস কৰা কামবোৰ কৰা অতি প্ৰয়োজন৷ যেনে গৰম পানীৰে গা ধোৱা বা কিতাপ পঢ়া,গান শুনা আদি।
*বিচনালৈ যোৱাৰ আগতে কেতিয়াও সুৰা বা কেফেইন আদি সেৱন কৰা অনুচিত।