বৃদ্ধ বয়সত বহু লোকৰ স্মৃতি শক্তি লোপ পায় ৷ শেহতীয়াকৈ বহুতে কম বয়সতে কথা পাহৰাৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায় ৷ অতিমাত্ৰা কাম কৰা, মগজুক সকলো সময়তে ব্যস্ত কৰি ৰখা, তেলীয়া বা মচলাজাতীয় খাদ্য খোৱাৰ বাবে স্মৃতিশক্তি হেৰুৱাব পাৰে। কিন্তু কাৰণ যিয়েই নহওক কিয়, কথা পাহৰাৰ সমস্যাৰ সৃষ্টি হ’লে ইয়াক গুৰুত্ব দিয়া উচিত ৷
গৱেষণাৰ পৰা দেখা গৈছে যে এই সমস্যা দূৰ কৰাত কণীয়ে সহায় কৰিব পাৰে। বহুতে কণী খাবলৈ ভাল পায়। প্ৰতিদিনে কণী খোৱাৰ ধাৰণাটো নতুন নহয়। কণী কেবল সোৱাদযুক্তই নহয়, ই শৰীৰক যথেষ্ট পুষ্টি প্ৰদান কৰে ৷
ওজন নিয়ন্ত্ৰণৰ পৰা আৰম্ভ কৰি শৰীৰত প্ৰচুৰ পৰিমাণে প্ৰটিন যোগান ধৰালৈকে কণীৰ ভূমিকা অতি প্ৰয়োজনীয়। কণীত ভিটামিন ৬, ভিটামিন ১২, ফলিক এচিড, পটাছিয়াম, মেগনেছিয়াম, ছডিয়াম, থাইমিন, আইৰণ, জিংক, ভিটামিন ডি আদি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ কৰে। কণীয়ে শৰীৰৰ বহু সমস্যা নিমিষতে সমাধান কৰে। গৱেষণাৰ মতে কণীয়ে শৰীৰৰ যত্ন লোৱাই নহয়, স্মৃতিশক্তিও বৃদ্ধি কৰে।
কণীৰ প্ৰ’টিনত হাইড্ৰ’লাইছেট নামৰ এবিধ পদাৰ্থ থাকে, যিয়ে মগজুৰ যত্ন লয়। এই ৰাসায়নিক পদাৰ্থবোৰে মগজুৰ প্ৰতিটো কোষক সক্ৰিয় কৰি ৰাখে। একাগ্ৰতা বৃদ্ধি কৰে, সৃষ্টিশীল হোৱাত সহায় কৰে। মানসিক চাপ নিয়ন্ত্ৰণত ৰাখে। উদ্বেগ হ্ৰাস কৰে। যিসকলৰ পাহৰি যোৱাৰ সমস্যা আছে তেওঁলোকে খাদ্য তালিকাত কণী ৰাখিব পাৰে। স্মৃতিশক্তি বৃদ্ধিত কণী অতি ফলপ্ৰসূ বুলি চিকিৎসকসকলে দাবী কৰি আহিছে ৷
কণীৰ কুহুমত ফাইটোনিউট্ৰিয়েণ্টৰ দৰে উপকাৰী পদাৰ্থ থাকে। ইয়াৰ উপৰিও কলিন, লুটিন, জিএক্সান্থিন আদি কিছুমান উপকাৰী উপাদান আছে কণীত। মগজুৰ প্ৰতিটো কাম শৃংখলাবদ্ধ কৰি ৰাখিবলৈ কণীৰ দৰে উপকাৰী খাদ্য কমেই আছে ৷