ওজন কমাবলৈ কেৱল ব্যায়াম কৰাই নহয়, প্ৰটিন সেৱন কৰাটো অত্যন্ত প্ৰয়োজনীয় ৷ প্ৰটিনৰ অভাৱ হ’লে ওজন বৃদ্ধি হয়। আমিষ খাদ্যত প্ৰটিনৰ পৰিমাণ বেছি পোৱা যায় তাত কোনো সন্দেহ নাই। অৱশ্যে মাছ আৰু মাংসতকৈ কণীত প্ৰটিন বেছি। ওজন কমাব বিচাৰিলে দিনটোত এটা কণী খাবলৈ চিকিৎসক আৰু পুষ্টিবিদ উভয়ে পৰামৰ্শ দিয়ে। কিন্তু বহুতে নাজানে যে ওজন কমাবলৈ কোনটো প্ৰটিনৰ উৎসৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। আমিষ খাদ্যত প্ৰটিন বেছি থাকে যদিও নিৰামিষ খাদ্য প্ৰটিনমুক্ত এনে নহয় । কণীৰ দৰে পনিৰতো প্ৰটিন থাকে। কিন্তু ওজন কমাবলৈ কোনটো অধিক উপকাৰী সেই লৈ বিতৰ্ক অব্যাহত আছে।
এটা কুকুৰাৰ কণীত ৬ গ্ৰাম প্ৰটিন থাকে। ইয়াৰ বাহিৰেও এই খাদ্যত বিভিন্ন ধৰণৰ পুষ্টিকৰ উপাদান আছে। কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে। এটা কণীত ২৪.৫ মিলিগ্ৰাম কেলচিয়াম থাকে। যিটো শৰীৰৰ বাবে অতি উপকাৰী। ইয়াৰ উপৰিও কণীত মেগনেছিয়াম, ফছফৰাছ, জিংক থাকে।
কিন্তু আপুনি জানেনে যে পনিৰত থকা প্ৰটিনৰ মাত্ৰা কণীতকৈ অলপ বেছি? ৪০ গ্ৰাম কম চৰ্বিযুক্ত পনিৰত ৭.৫ গ্ৰাম প্ৰটিন থাকে। পনিৰত ১৯০ মিলিগ্ৰাম কেলচিয়াম থাকে। কাৰ্বহাইড্ৰেট, ফ’লেট, ফছফৰাছ, পটাছিয়াম আদিও পৰ্যাপ্ত পৰিমাণে থাকে। সোনকালে ওজন কমাবলৈ কোনটো খাব লাগে? কণী নে পনিৰ?
দুয়োটা খাদ্যই অতি পুষ্টিকৰ। ওজন কমাব বিচাৰিলে দুয়োটা খাদ্যই বহুত সহায় কৰিব পাৰে। অৱশ্যে এই খাদ্য দুবিধত ভিন্ন প্ৰকাৰৰ ভিটামিন থাকে। আপোনাৰ শৰীৰৰ অধিক প্ৰয়োজন হোৱা ভিটামিনৰ ধৰণটো আপুনি বাছি ল’ব পাৰে। কণী খোৱাসকলেও পনিৰ খাব পাৰে। তাত কোনো সমস্যা নাই। যিসকলে কণী নাখায়, তেওঁলোকে অলপ বেছিকৈ পনিৰ খোৱাটো স্বাস্থ্যৰ বাবে উপযোগী ৷ যিহেতু পনীৰত প্ৰটিন বেছি থাকে, গতিকে ওজন কমাওঁতে কণীতকৈ পনীৰ খোৱাটো অধিক উপকাৰী হ’ব পাৰে বুলি একাংশ চিকিৎসকে কয়।