নিউজ পৰ্টেল ‘নিউজক্লিক’ৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাটো অবৈধ। উচ্চতম ন্যায়ালয়ে দিল্লী আৰক্ষীক শীঘ্ৰে প্ৰবীৰ পুৰকায়স্থক মুকলি কৰি দিবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে কয় যে দিল্লী আৰক্ষীয়ে ইউএপিএ (Unlawful Activities Prevention Act)ৰ অধীনত সম্পাদক প্ৰবীৰক গ্ৰেপ্তাৰ কৰাটোও ভুল।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে বুধবাৰে এই নিৰ্দেশ দিয়ে। আদালতৰ এই নিৰ্দেশৰ পিছত তেওঁ নিম্ন আদালতত জামিন বণ্ড দাখিল কৰিব। ইয়াৰ পিছত তেওঁক জেলৰ পৰা মুকলি কৰি দিয়া হ’ব।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে দিল্লী আৰক্ষীয়ে প্ৰবীৰক গ্ৰেপ্তাৰ কৰিছিল । দেশৰ বহু সাংবাদিকৰ লগতে সাংবাদিকৰ স্বাৰ্থ ৰক্ষা কৰা বিভিন্ন সংগঠনে তেওঁক গ্ৰেপ্তাৰ কৰা কার্যৰ প্ৰতিবাদ কৰে।
‘নিউজক্লিক’ৰ সম্পাদকক গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁৰ অধিবক্তাক অৱগত নকৰাকৈ দিল্লী আৰক্ষীয়ে দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰে। যাক লৈ ৩০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰিছিল। দিল্লী আৰক্ষীৰ এই কাৰ্যত আচৰিত হৈ উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে এনে খৰখেদা কৰাৰ প্ৰয়োজন আছিল নেকি ? বুধবাৰে আদালতে কয় যে এই গোচৰৰ অভিযোগনামা দাখিল কৰা হৈছে। এই পৰিস্থিতিত প্ৰবীৰক জেলত ৰখাৰ প্ৰয়োজন নাই। গতিকে জামিনৰ চৰ্ত পূৰণ কৰিলে প্ৰবীৰক মুকলি কৰি দিব পাৰিব। প্ৰবীৰে তেওঁৰ গ্ৰেপ্তাৰ আৰু জিম্মাক প্ৰত্যাহ্বান জনাই দিল্লী আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে । ৩০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি সমাপ্ত হয়। সেইদিনাৰ পৰাই ৰায়দান স্থগিত ৰখা হৈছিল। বুধবাৰে উচ্চতম ন্যায়ালয়ে এই ৰায় ঘোষণা কৰে।
ইউএপিএ গোচৰত যোৱা বছৰৰ ৩ অক্টোবৰৰ পৰা জিম্মাত আছে প্ৰবীৰ পুৰকায়স্থ । ৰাষ্ট্ৰীয় স্বার্থ বিৰোধী অপপ্ৰচাৰ চলোৱাৰ বাবে চীনৰ পৰা ধন লাভ কৰাৰ অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে । প্ৰবীৰ পুৰকায়স্থৰ হৈ আদালতত হাজিৰ হয় জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল। আনহাতে দিল্লী আৰক্ষীৰ হৈ আদালতত হাজিৰ হয় অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজু।