নতুনকৈ আতংক বিয়পি পৰিছে ক’ভিডৰ ৷ ক’ভিডৰ অমিক্ৰণ ভাইৰাছৰ নতুন উপৰূপ কেপি.২ ৷ যাৰ নাম দিয়া হৈছে ‘ফ্লাৰ্ট’। আমেৰিকা এই ভাইৰাছৰ ব্যাপক সংক্ৰমণ ঘটিছে ৷ ইতিমধ্যে ভাৰততো এই ভাইৰাছৰ সংক্ৰমন ধৰাত পৰিছে ৷ এই পৰ্যন্ত মহাৰাষ্ট্ৰত ৯১ জন লোক আক্ৰান্ত হৈছে। পুনেত আক্ৰান্তৰ সংখ্যা ৫১ জন। থানেত আক্ৰান্ত হৈছে ২০ জন লোক। বছৰৰ আৰম্ভণিৰ পৰাই এই নতুন প্ৰকাৰৰ সংক্ৰমণ পৃথিৱীৰ বিভিন্ন প্ৰান্তত বিয়পিবলৈ ধৰিলে। যদিও ইয়াৰ প্ৰভাৱ আমেৰিকাত সৰ্বাধিক ৷ চিকিৎসকসকলে আশংকা কৰিছে যে যিকোনো মুহূৰ্ততে ই আন ঠাইত মূৰ দাঙি উঠিব পাৰে। ফ্লার্টৰ আগতে জেএন.১ ( JN.1) নামৰ এটা ভেৰিয়েন্ট সংক্ৰমিত হ’বলৈ আৰম্ভ কৰিছিল।
ফ্লাৰ্ট ভাইৰাছত আক্ৰান্ত লক্ষণ কি কি?
ডিঙিৰ বিষ, অহৰহ কাহ, গোটেই শৰীৰত বিষ, উশাহ-নিশাহ লোৱাত কষ্ট, অত্যন্ত দুৰ্বলতা ইয়াৰ প্ৰধান লক্ষণ। ইয়াৰ বাহিৰেও ডায়েৰিয়া, বমি, মূৰ ঘূৰোৱা আদি সমস্যা থাকিলেও তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যোৱাটো জৰুৰী। ঋতু পৰিৱৰ্তিত এই সময়ত এনে সমস্যা সাধাৰণতে দেখা যায়। কিন্তু বতৰৰ বাবেই এনে হোৱা বুলি ভাবিলে বিপদ বাঢ়িব পাৰে। অসুস্থ হ’লে চিকিৎসকৰ পৰামৰ্শ পলম নকৰাকৈ মানি চলিব লাগে।
নিজকে কেনেকৈ ৰক্ষা কৰিব?
ক’ভিড নাইকিয়া হ’লেও কৰ’না সময়ৰ সুৰক্ষাৰ নিয়মবোৰ মনত ৰখা উচিত। এই ক্ষেত্ৰতো একে সাৱধানতা অৱলম্বন কৰিব লাগে। ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰখা, ভিৰৰ পৰা আঁতৰি থকা, বাহিৰলৈ ওলাই যোৱাৰ সময়ত মাস্ক ব্যৱহাৰ কৰা, বাহিৰলৈ ওলাই যোৱাৰ পিছত হাত ধোৱা – এইবোৰ অতি মৌলিক নিয়ম। আটাইতকৈ ডাঙৰ কথাটো হ’ল সাৱধান হোৱা। বেমাৰ হ’লে নিজে ফার্মাচীৰ পৰা ঔষধ ক্ৰয় কৰি খোৱাৰ পৰিৱৰ্তে চিকিৎসকৰ লগত কথা পাতক।