আজি বিশিষ্ট সাংবাদিক তথা মানৱ অধিকাৰ কর্মী পৰাগ কুমাৰ দাসৰ মৃত্যুবার্ষিকী ৷ আজিৰ দিনটোতে ঘাতকৰ হাতত গুৱাহাটীৰ মাজমজিয়াত প্ৰাণ হেৰুৱাইছিল এইগৰাকী সাহসী সংবাদিকে ৷প্ৰয়াত সাংবাদিকগৰাকীক স্মৰণ কৰাৰ উদ্দেশ্যৰে আজি বিভিন্ন স্থানত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷
মহানগৰীৰ ৰাজগড়ৰ যিখিনি ঠাইত নিষ্ঠুৰ ঘাতকে নির্দয়ভারে সাংবাদিকগৰাকীক হত্যা কৰিছিল, সেই স্থানতে স্থাপন কৰা পৰাগ কুমাৰ দাসৰ প্রতিমূর্তিত আজি পুরা শ্রদ্ধাঞ্জলি জনায় তেওঁৰ পৰিয়ালৰ লোকসকলে। মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়েও বাজগড়ত থকা সাংবাদিকগৰাকীৰ ছহিদ বেদীত পুৱা ৯.১৫ বজাত শ্রদ্ধাঞ্জলি জনায়।
উল্লেখযোগ্য যে মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে (মাছ) প্রতিবছৰৰ দৰে এইবাৰো ১৭ মে’ৰ দিনটো ছহিদ দিৱস হিচাপে পালন কৰে। ‘মাছ’ৰ সচিবপ্রধান লক্ষী প্রসাদ ডেকাই জানিবলৈ দিয়া অনুসৰি দিনজোৰা ভিন্ন কাৰ্যসূচীৰে এইবাৰো ছহিদ দিৱস পালন কৰা হ’ব। বিশেষকৈ দিনৰ ১১ বজাত গুৱাহাটী গ্রেছ ক্লাবত আয়োজন কৰা হয় ‘পৰাগ স্মৰণ সভা’ ৷
তদুপৰি, প্রতিবছৰৰ দৰে এইবাৰো নির্ভীক-সাহসী সাংবাদিকগৰাকীৰ মৃত্যু দিৱসতে পৰাগ কুমাৰ দাস সতীর্থ মঞ্চই গুৱাহাটী গ্ৰেছ ক্লাবত প্রদান কৰিব ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’। আজি দিনৰ ১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট বুদ্ধিজীবী, সমালোচক, সাংবাদিক ড° হীৰেন গোহাঁইক চলিত বর্ষৰ বাবে মঞ্চই এই বঁটা প্রদান কৰিব। যশস্বী শিল্পী কুলদা কুমাৰ ভট্টাচার্যই আনুষ্ঠানিকভাৱে ড° গোহাঁইৰ হাতত এই বঁটা তুলি দিব। বিশিষ্ট করি তথা বিজ্ঞানী বিপুলজ্যোতি শইকীয়াই অনুষ্ঠানত স্মাৰক বক্তৃতা আগবঢ়াব।