হেলিকপ্টাৰ দূর্ঘটনাত পতিত হৈ শোকাৱহভাৱে প্ৰাণ হেৰুৱালে ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইচিয়ে ৷ হেলিকপ্টাৰখনত ৰাইছিৰ সহযাত্ৰী তথা বৈদেশিক মন্ত্ৰী হোছেইন আমিৰাব্দুল্লাহিয়ানৰো মৃত্যু হয়।
দেওবাৰে ৰেইছিৰ হেলিকপ্টাৰখন পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। সেই ইৰাণ প্ৰশাসনৰ এজন জ্যেষ্ঠ বিষয়াই ৰয়টাৰ সংবাদ সংস্থাক জনোৱা মতে, হেলিকপ্টাৰখনে পাহাৰীয়া অঞ্চল পাৰ হৈ যোৱাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাইছিল। প্ৰবল বৰষুণ আৰু ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাস্থলীত দৃশ্যমানতা অতি দুৰ্বল হৈ পৰে বুলিও বিষয়াগৰাকীয়ে জনায়।
ইয়াৰ পূৰ্বে ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ৰাষ্ট্ৰপতি গৰাকী থকা হেলিকপ্টাৰখন উদ্ধাৰ কৰা হৈছে। সংবাদ সংস্থাটোৱে দুৰ্ঘটনাস্থলীৰ ছবিও প্ৰদান কৰে। দেখা যায় যে হেলিকপ্টাৰখনৰ ভঙা অংশটো কুঁৱলীময় পাহাৰৰ ওপৰত পৰি আছে। একাধিক গাড়ী চলি আছে। দুৰ্ঘটনাস্থলীলৈ খোজকাঢ়ি গৈ আছে উদ্ধাৰকাৰী। দূর্ঘটনাৰ পাছতে হেলিকপ্টাৰখনত জুই লাগে। কেবাটাও অংশ জ্বলি গৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে হেলিকপ্টাৰখনৰখনৰ কেবিন।
ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাষ্ট্ৰপতি গৰাকী আজাৰবাইজান ভ্ৰমণলৈ গৈছিল । তেওঁৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীও আছিল ৷ দুৰ্ঘটনা সংঘটিত হোৱা ঠাইখন আজাৰবাইজানৰ সীমান্তৰ জোলফা চহৰৰ ওচৰত। ইৰাণৰ ৰাজধানীৰ পৰা কমেও ৬০০ কিলোমিটাৰ উত্তৰ-পশ্চিমে এই স্থান। চৰকাৰী সংবাদ মাধ্যমেও প্ৰকাশ কৰিছে যে অতি সোনকালে দুৰ্ঘটনাস্থলীত উপস্থিত হোৱাৰ প্ৰচেষ্টা চলোৱাৰ পিছতো ইৰাণ প্ৰশাসনৰ এক সূত্ৰই জনোৱা মতে, প্ৰচণ্ড বৰষুণ আৰু ঘন কুঁৱলীৱে উদ্ধাৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে।