বাৰিষাকালত বৰষুণৰ লগতে বজ্ৰপাত হোৱাও পৰিলক্ষিত হয় ৷ সেয়েহে বৰষুণৰ বতৰত ঘৰৰ বাহিৰত থাকিলে অত্যন্ত সাৱধান হোৱা উচিত ৷ বজ্ৰপাতৰ সময়ত নিজকে কেনেকৈ ৰক্ষা কৰিব?
১. বজ্ৰপাত হ’লে ঘৰৰ বাহিৰত বা পথাৰত বহু লোক থাকে। এই ক্ষেত্ৰত ঘৰত বা ওচৰৰ ঘৰত আশ্ৰয় লোৱাটোৱেই আটাইতকৈ নিৰাপদ।
২. যদি আপুনি মুকলি ঠাইত অকলে থাকে তেন্তে যিমান পাৰি কুঁজা হৈ নিজকে বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব পাৰে। একেবাৰে শুই নপৰি যিমান পাৰি মাটিৰ ওচৰত থাকি বজ্ৰপাতৰ আঘাতৰ পৰা ৰক্ষা পাব পাৰি ৷
৩. বজ্ৰপাতৰ সময়ত কেতিয়াও মুকলি পথাৰত নাথাকিব।
৪. বজ্ৰপাতৰ সময়ত গছৰ তলত আশ্ৰয় ল’ব নালাগে।
৫. বিদ্যুতৰ খুঁটাত বজ্ৰপাত হোৱাৰ সম্ভাৱনা বেছি। গতিকে বিদ্যুতৰ খুঁটাৰ ওচৰত আশ্ৰয় নল’ব ।
৬. বজ্ৰপাতৰ সময়ত যদি আপুনি বাহনৰ ভিতৰত থাকে তেন্তে সম্ভৱ হ’লে গাড়ীখন কোনো পকী চালিৰ তলত ৰাখক ৷ বাহনৰ ভিতৰত থকা ধাতুৰ বস্তু স্পৰ্শ কৰাৰ পৰা বিৰত থাকক। সেই সময়ত গাড়ীৰ গ্লাছ স্পৰ্শ নকৰিব।
৭. যদি আপুনি সৰু পুখুৰীত সাঁতুৰি আছে বা বজ্ৰপাতৰ সময়ত জলাশয়ত থিয় হৈ আছে তেন্তে তাৰ পৰা আঁতৰি আহক ৷ পানী বিদ্যুতৰ অতি উত্তম পৰিবাহী, গতিকে সাৱধান হওক।