দিনটোৰ আৰম্ভণি হয় চাহৰ চুমুকেৰে। অফিচৰ কেন্টিনত বা পথৰ কাষৰ চাহ দোকানৰ বেঞ্চ এখনত বহি গৰম গাখীৰ চাহৰ জুতি লোৱাৰ আনন্দই সুকীয়া ৷বহু সময়ত এবাৰতে বনোৱা চাহকে দোকানীয়ে বাৰে বাৰে গৰম কৰি বিক্ৰী কৰে ৷ এনেদৰে বাৰে বাৰে গৰম কৰা গাখীৰ চাহ খালে শৰীৰৰ যথেষ্ট অপকাৰ হয় ৷ পুষ্টিবিদসকলে কয় যে গাখীৰৰ চাহ বাৰে বাৰে উতলালে তাত বিভিন্ন পৰিৱৰ্তন ঘটে। গাখীৰৰ চাহ বেছি বাৰ উতলাই সেৱন কৰিলে কি কি সমস্যাৰ সৃষ্টি কৰিব পাৰে?
১. গাখীৰ চাহ একাধিকবাৰ উতলালে গাখীৰত থকা ভিটামিন বি ১২ আৰু ভিটামিন চিৰ পুষ্টিগুণ নষ্ট হয়।
২. গাখীৰ চাহ বাৰে বাৰে উতলালে সোৱাদ সলনি হয়। কেতিয়াবা এনে চাহৰ পৰা পোৰা পোৰা গোন্ধ আহিব পাৰে।
৩. চাহপাতত কেটেচিন আৰু পলিফিনল নামৰ দুটা এন্টিঅক্সিডেন্ট থাকে। বাৰে বাৰে চাহ উতলালে এই পদাৰ্থৰ গুণগত মান নষ্ট হয়।
৪. বাৰে বাৰে গাখীৰ চাহ উতলালে এই পানীয়ত ‘এক্ৰিলামাইড’ নামৰ এক বিশেষ উপাদানৰ সৃষ্টি হয়। যিটোক কাৰ্চিনোজেন বা কেন্সাৰ সৃষ্টিকাৰী বুলি জনা যায়।
৫. গাখীৰৰ চাহ খোৱাৰ পিছত বহু লোকৰ বুকুৰ বিষ হয়। কাৰণ, গাখীৰ বহু সময় উতলালে ইয়াৰ পিএইচ ভাৰসাম্য নষ্ট হয়। গতিকে এই পানীয় অধিক এচিডিক হৈ পৰে। গতিকে বাৰে বাৰে উতলোৱা গাখীৰৰ চাহ সেৱন কৰিলে পেটৰ অসুবিধা হ’ব পাৰে। ডিঙি আৰু বুকু জ্বলা-পোৰা কৰিব পাৰে ৷