প্ৰচণ্ড গৰমে দহিছে দিল্লী। দিল্লীত সৰ্বোচ্চ তাপমাত্ৰাই ৪৭.৪ ডিগ্ৰী চেলছিয়াছৰ ঘৰ স্পর্শ কৰিছে ৷ যিটো দেশৰ ভিতৰতে সৰ্বোচ্চ। বতৰ বিজ্ঞান বিভাগে জনাইছে যে আগন্তুক ৫ দিনলৈ দিল্লীত গৰমৰ ঢৌ অব্যাহত থাকিব। কেৱল সেয়াই নহয়, বৃহস্পতিবাৰলৈকে দিল্লী আৰু কাষৰীয়া অঞ্চলসমূহত সৰ্বোচ্চ তাপমাত্ৰা ৪৭ ডিগ্ৰীৰ ওপৰত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে ৷
কেৱল দিল্লীতে নহয়, বৃহস্পতিবাৰেও উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলত গ্ৰীষমপ্ৰৱাহ অব্যাহত থাকিব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশ, ৰাজস্থান, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাৱ, হাৰিয়ানা, গুজৰাটৰ বৃহৎ অঞ্চলত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। অৱশ্যে কেৰেলাৰ তিনিখন ৰাজ্য কোট্টায়ম, পাঠানমথিথা আৰু ইডুক্কিত প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। মঙলবাৰে পুডুচেৰীৰ তামিলনাডুৰ কিছু অংশত প্ৰবল বৰষুণ হোৱাৰ আগজাননী দিয়া হৈছে ৷
দিল্লীৰ গৰমৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ সকলো বিদ্যালয়কে গ্ৰীষ্মকালীন ছুটী ৩০ জুনলৈ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গ্ৰীষ্মকালত এয়াৰ কণ্ডিচনাৰৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ বাবে দিল্লীত বিদ্যুতৰ নাটনি হৈছে ৷ বিদ্যুতৰ চাহিদাও অধিক বৃদ্ধি পাইছে । কিছুমানে আশংকা কৰিছে যে ইয়াৰ ফলত লোড শ্বেডিঙৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
চিকিত্সকে প্ৰধানকৈ বৃদ্ধ আৰু শিশুসকলক গৰমৰ ঢৌৰ সময়ত সাৱধান হ’বলৈ পৰামৰ্শ দিছে। দুপৰীয়া যিমান পাৰি ঘৰতে থাকিবলৈ পৰামর্শ দিছে ৷ অ’ আৰ এছ জাতীয় পানীয় অধিক সেৱন কৰিবলৈ পৰামর্শ প্ৰদান কৰিছে ৷ ইয়াৰ বিপৰীতে অতিৰিক্ত তেলীয়া মছলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাকিবলৈ চিকিৎসকসকলে পৰামর্শ দিছে ৷