অসমীয়াত এষাৰ অতি জনপ্ৰিয় ফকৰা-যোজনা আছে। চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপি অৰ্থাৎ বিপদ হৈ যোৱাৰ পাছত সেই বিষয়ে চিন্তা-চৰ্চা কৰা। অসম চৰকাৰৰ জল পৰিবহণ বিভাগৰ ক্ষেত্ৰত শেহতীয়াকৈ এই ফকৰা-যোজনা খাপ খাই পৰিছে।
নিমাতীঘাটৰ ভয়ংকৰ দুর্ঘটনাৰ পাছত মাজুলীৰ পৰা নিমাতীঘাটলৈ শুকুৰবাৰে পুনৰ ফেৰী সেৱা আৰম্ভ কৰা হৈছে। স্বাভাৱিকতেই যাত্ৰীসকলৰ মাজত শংকা এতিয়াও বিৰাজমান। তথ্য অনুসৰি একক ইঞ্জিনচালিত ফেৰীৰ চলাচল বন্ধ কৰাৰ পাছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কঠোৰ নির্দেশনা অনুসৰি শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা চলিছে ‘এম ভি পানৈ’ নামৰ চৰকাৰী ফেৰী সেৱা৷
বহন ক্ষমতা অনুসৰি ১২০ জনীয়া তালিকা প্রস্তুত কৰি নাম ঘোষণা কৰাৰ পাছতহে যাত্রীসকলক ফেৰীত উঠিবলৈ দিয়া হৈছে৷ প্রতিজন যাত্রীয়েই লাইফ জেকেট পিন্ধিব লগা হৈছে৷ টিকট সংগ্রহ কৰাৰ পাছত ফেৰীৰ বহন ক্ষমতা অনুসৰি চাৰিচকীয়া আৰু দুচকীয়া বাহন ফেৰীত নিয়াৰ অনুমতি প্রদান কৰিছে বিভাগে৷
লাইফ জেকেট পিন্ধাৰ পাছত কিছু সংখ্যকে সুৰক্ষামূলক ব্যৱস্থাৰ শলাগ লয় যদিও আভ্যন্তৰীণ জল পৰিবহণ বিভাগক সমালোচনা কৰি কয় যে এই ব্যৱস্থা চোৰ গ’লে বুদ্ধি আৰু বৰষুণ গ’লে জাপি লোৱাৰ দৰে হৈছে৷
আনহাতে যাত্ৰীসকলে ৰ’ ৰ’ জাহাজখন কর্মক্ষম কৰি চলাচলৰ ব্যৱস্থা কৰাৰ লগতে ৰ’পেক্স সেৱাৰ ব্যৱস্থাৰে মাজুলীবাসীক যাতায়াতৰ উন্নত সুবিধা প্রদানৰ বাবে চৰকাৰক দাবী জনায়৷