চেলুনৰ নাম শুনি আপোনাৰ শিশুটিয়ে কান্দিবলৈ ধৰে নেকি ! হাতত চকলেট আৰু চকুৰ সন্মুখত মোবাইল লৈও সেই কান্দোন বন্ধ কৰিব নোৱাৰে নেকি । বেছিভাগ শিশুৱে নাপিতে ৰেজাৰ আৰু কেঁচিৰে চুলি কাটিবলৈ অহা দেখিলেই কান্দিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ মাক-দেউতাকে ভাবে যে অচিনাকি মানুহৰ মুখখন দেখি শিশুটিয়ে হয়তো ভয় খাইছে। কিন্তু বহুতে হয়তো নাজানে যে এই ভয় বা উদ্বেগ যিকোনো ৰোগ হ’ব পাৰে।
চিকিৎসাৰ ক্ষেত্ৰত ইয়াক ‘টনচিঅ’ৰ’ফ’বিয়া’ বুলি কোৱা হয়। চেলুন কৰ্মীজনক দেখি শিশুটিক উদ্বিগ্নতাই আগুৰি ধৰে। গ্ৰীক শব্দ ‘টনছিয়াৰ’ৰ অৰ্থ হ’ল কিবা এটা কাটি পেলোৱা আৰু ‘ফ’ব’ছ’ শব্দৰ অৰ্থ হৈছে ভয়। যদি আপুনি এই ৰোগত আক্ৰান্ত হয় তেন্তে চেলুনলৈ যাবলৈ ভয় কৰে। বা শৰীৰৰ পৰা কিবা কাটি যোৱা বা নোহোৱা হোৱা দেখিলে উদ্বেগ বাঢ়ি যায়।
এই ৰোগৰ লক্ষণসমূহ কি কি?
১) কোনোবাই কেঁচিৰে চুলি কাটিবলৈ আহিলে শিশুটিৰ হাত-ভৰি কঁপিবলৈ ধৰে। চিঞৰিবলৈ বা কান্দিবলৈ আৰম্ভ কৰিব পাৰে।
২)বহু ল’ৰা-ছোৱালীয়ে ঘনে ঘনে যাতে চুলি কাটিবলৈ চেলুনলৈ যাবলগীয়া নহয় ,তাৰ বাবে চুলি বহু ছুটিকৈ কাটিব বিচাৰে । এয়াও ফ’বিয়াৰ লক্ষণ।
৩) কেৱল চেলুন কৰ্মচাৰীয়েই নহয়, ঘৰত চিনাকি কোনোবা এজনৰ হাতত ৰেজাৰ, কেঁচি দেখি শিশুসকলে হঠাতে আতংকিত হৈ পৰাও ইয়াৰ লক্ষণ ।