গ্ৰীষ্মকালত প্ৰচণ্ড গৰমৰ পৰা সকাহ লাভ কৰিবলৈ চৰবত-ডাবৰ পানীত প্ৰায়ে চুমুক দিয়া হয়। সেয়াই যথেষ্ট নেকি? সকলোৱে জানে যে গৰমৰ দিনত ঘাম বেছি ওলায়। ফলত শৰীৰৰ পৰা প্ৰচুৰ পৰিমাণে পানী ওলাই যায়। যদি শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানী নাথাকে তেন্তে ডিহাইড্ৰেচন হোৱাৰ আশংকা থাকে। ই শৰীৰত প্ৰভাৱ পেলায়। ডিহাইড্ৰেচন হ’লেও কেতয়াবা বহুতে অনুভৱ কৰিব নোৱাৰে ৷ কিন্তু যেতিয়া শৰীৰত পানীৰ পৰিমাণ কমি যায়, তেতিয়া ই কেইবাটাও লক্ষণৰ জৰিয়তে প্ৰকাশ পায়।শৰীৰৰত পানীৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে চাওঁ আহকচোন ৷
হাত ভৰি টানি ধৰা
ডিহাইড্ৰেচন হ’লে শৰীৰৰ পেশীবোৰৰে পর্যাপ্ত পানী লাভ নকৰে । যাৰ বাবে হাত-ভৰি টানি ধৰাৰ আশংকা থাকে । খোজ কাঢ়িলে বা দৌৰিলে বা উঠিলে প্ৰায়ে যদি এনে অনুভৱ হয় তেন্তে পানী বেছিকৈ খোৱাটো জৰুৰী ৷
মিঠাই খোৱাৰ প্ৰৱণতা
দীৰ্ঘদিন শৰীৰত ডিহাইড্ৰেচন হৈ থাকিলে যকৃতে সঠিকভাৱে কাম কৰিব নোৱাৰে। যকৃতে পানীৰ সহায়ত গ্লাইক’জেন তৈয়াৰ কৰে, যিয়ে শক্তি প্ৰদান কৰে। কিন্তু সেই প্ৰক্ৰিয়া ঠিকমতে নহ’লে শৰীৰক অধিক খাদ্যৰ প্ৰয়োজন হ’ব। গতিকে নিমখীয়া খাদ্য, চকলেট, মিঠাই খোৱাৰ প্ৰৱণতা বাঢ়ে।
মূৰৰ বিষ
বিভিন্ন কাৰণত মূৰৰ বিষ হব পাৰে। ইয়াৰ এটা কাৰণ হ’ল ডিহাইড্ৰেচন। শৰীৰত পানীৰ পৰিমাণ কমি গ’লেই মাইগ্ৰেইনৰ বিষ আৰম্ভ হয়। গতিকে সকলো সময়তে মূৰৰ বিষ থাকিলে অধিক পানী খাব।
শুকান ছাল
গৰমৰ দিনত ছালখন ৰুক্ষ হৈ পৰে। তাৰ ওপৰত যদি শৰীৰত পানীৰ অভাৱ হয়, তেন্তে এই সমস্যাটো বহুত বাঢ়ি যায়। ছাল অত্যধিক শুকান হৈ পৰে। ওঁঠ দুটা ফাটিবলৈ আৰম্ভ কৰে। তেনেহ’লে অধিক পানী খোৱাৰ প্ৰয়োজন।
হালধীয়া প্ৰস্ৰাৱ
যদি প্ৰস্ৰাৱৰ ৰং হঠাৎ হালধীয়া হৈ পৰে, তেন্তে বুজিব লাগে যে শৰীৰত পানীৰ অভাৱ ঘটিছে। ইয়াৰ বাহিৰেও শৰীৰত পানীৰ অভাৱৰ বাবে প্ৰস্ৰাৱৰ পৰিমাণ কমি যায় আৰু প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলন অনুভৱ হয়।