উর্ধমুখী পাৰাস্তম্ভই ব্যাহত কৰিছে স্বাভাৱিক জীৱনযাত্ৰা ৷গুৱাহাটীত কালিৰ দিনটোত সৰ্বাধিক তাপমাত্ৰা আছিল সর্বাধিক ৪০ ডিগ্ৰী চেলছিয়াছ ৷ গ্ৰীষ্মপ্ৰবাহৰ বাবে কামৰূপ মহানগৰ জিলাত বিদ্যালয়ৰ পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশ দিয়া হৈছে।
বিদ্যালয় শিক্ষা বিভাগে দিয়া নির্দেশনা অনুসৰি প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৭.৩০ বজাৰ পৰা ১২ বজালৈ,মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় ৭.৩০ৰ পৰা ১২.৩০ বজালৈ আৰু উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় ৭.৩০ৰ পৰা ১ বজালৈ হ’ব ৷
উল্লেখ্য যে, এই নিৰ্দেশনা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ শিক্ষা বিভাগে প্ৰদান কৰিছে। সমান্তৰালভাৱে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহত প্ৰাতঃসভা শ্ৰেণীকোঠাৰ ভিতৰত অথবা ছাঁ থকা অঞ্চলত অনুষ্ঠিত কৰিবলৈ নির্দেশ দিয়া হৈছে ৷ ইলেক্ট্ৰিক ফেনসমূহ সক্ৰিয় কৰি ৰাখিব লাগিব ৷ যদিহে এই ফেনসমূহ বিকল হয়, তেনেহ’লে তাৎক্ষণিকভাৱে মেৰামতি কৰিবলৈ নির্দেশ দিয়া হৈছে ৷ ৱেষ্ট কোট,ব্লেজাৰ,টাই আদি নিপিন্ধিবলৈ নির্দেশ দিব পাৰিব ৷ জোতা পিন্ধিবলৈ অসুবিধা অনুভৱ কৰিলীলে শিক্ষার্থীসকলক চেণ্ডেল পিন্ধিবলৈ অনুমতি দিব লাগিব ৷কোনো শিক্ষার্থীয়ে গৰমৰ বাবে অস্বস্তি অনুভৱ কৰিলে, লগে লগে ওচৰৰ চিকিৎসালয়ৰ সৈতে যোগাযোগ কৰাৰ লগতে বিদ্যালয় কতৃপক্ষই অভিভাৱকক অৱগত কৰিব লগিব ৷ ব্যক্তিগত আৰু চৰকাৰী উভয় বিদ্যালয়ৰ ক্ষেত্ৰত এই নির্দেশনা কার্যকৰী হ’ব ৷