অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব ডঃ হৰেন্দ্ৰ নাথ দাসৰ শুকুৰবাৰে দেহাৱসান ঘটে । গীতানগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে হৰেন্দ্ৰ নাথ দাসে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। মুখ্য সচিবৰ উপৰি অসম চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ পদৱীত তেওঁ কার্যনিবাহ কৰিছিল । ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ অসম চৰকাৰৰ মুখ্য সচিবৰ দায়িত্বত আছিল তেওঁ। অৰ্থনীতিবিদৰূপেও প্ৰসিদ্ধ আছিল ডঃ হৰেন্দ্ৰ নাথ দাস। ভাৰত চৰকাৰৰ বিত্ত বিভাগৰ সঞ্চালক পদতো ডঃ হৰেন্দ্ৰ নাথ দাসে কার্যনিবাহ কৰিছিল।
গুৱাহাটী বিশ্ববিদ্যালয় আৰু কটন কলেজত অৰ্থনীতিৰ প্ৰবক্তা হিচাপে কিছুদিন কাম কৰাৰ পাছত হৰেন্দ্ৰ নাথ দাসে ১৯৬১ চনৰ আই এ এছ পৰীক্ষাত (মুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা) উত্তীৰ্ণ হয় ৷ ১৯৬১ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত তেওঁ যোগদান কৰে।
১৯৩৭ চনৰ ১ মাৰ্চত অসমৰ গুৱাহাটীৰ পানবজাৰত জন্মগ্ৰহণ কৰা দাসে প্ৰশাসনিক দায়িত্ব পালন কৰাৰ সমান্তৰালকৈ বিভিন্ন সামাজিক সংগঠনৰ সৈতেও জড়িত আছিল । তেওঁৰ পিতৃ প্ৰয়াত লক্ষ্মী ৰাম দাস সমবায় সমিতিৰ জ্যেষ্ঠ পৰিদৰ্শক আছিল।
তেওঁৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শর্মাই ৷ এক শোকবার্তাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়-“অসমৰ প্ৰাক্তন মুখ্য সচিব শ্ৰদ্ধাৰ হৰেন্দ্ৰ নাথ দাসৰ বিয়োগৰ খবৰ শুনি মৰ্মাহত হ’লোঁ৷ অসম চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত থাকি কাৰ্য সম্পাদন কৰা হৰেন্দ্ৰ নাথ দাসৰ বিয়োগ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু এই শোকৰ মুহূৰ্তত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷”