একাপ চাহ-কফি অবিহনে বহুতে দিনটো আৰম্ভ কৰিব নোৱাৰে। ঘণ্টাৰ পিছত ঘণ্টা চাহ -কফি নোহোৱাকৈ কাম কৰিব লগা হ’লে বহু লোক অস্থিৰ হৈ পৰে ৷ ঘৰলৈ আলহী আহিলেও চাহ একাপ যচাটো নিয়ম ৷ কিন্তু আপুনি জানেনে যে আপাত দৃষ্টিত নিৰাপদ যেন লাগিলেও অতিৰিক্তভাৱে চাহ-কফি খোৱাৰ অভ্যাসে শৰীৰত কি সমস্যাৰ সৃষ্টি কৰিব পাৰে ?
চিকিৎসকৰ মতে বেছিকৈ চাহ-কফি খোৱাৰ অৰ্থ হ’ল প্ৰচুৰ পৰিমাণে কেফেইন শৰীৰত প্ৰৱেশ কৰা । ইয়াৰ ফলত বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে কিমান চাহ বা কফি খোৱা হৈছে সেই বিষয়ে সাৱধান হওক। বিশেষকৈ যদি কেইটামান লক্ষণ দেখা দিয়ে, তেন্তে লগে লগে দৈনিক চাহ-কফিৰ পৰিমাণ কমাই দিব। কেফেইন অতিৰিক্তভাৱে শৰীৰত প্ৰৱেশ কৰিলে শৰীৰৰ কি ক্ষতি হ’ব পাৰে জানি লওক।
১)অত্যধিক কেফেইন শৰীৰত প্ৰৱেশ কৰিলে বহু লোকৰ আচৰণত অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। লগতে চাহ বা কফি বেছিকৈ সেৱন কৰিলে খিংখিঙীয়া আৰু উদ্বেগ বৃদ্ধি পাব পাৰে।
২) যিসকল প্ৰাপ্তবয়স্কৰ সঘনাই প্ৰস্ৰাৱ কৰা লাগে তেওঁলোকেও চাহ-কফিৰ পৰিমাণ কম কৰিব লাগে। অতিৰিক্ত কেফেইনে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰে।
৩) উশাহ-নিশাহৰ সমস্যা হব পাৰে। অনিদ্ৰাত ভুগি থকাসকলৰ বাবে অত্যাধিক চাহ-কফি সেৱন কৰিলে সমস্যাটো আৰু বেছি ভয়াৱহ হ’ব পাৰে।
৪) গ্ল’ক’মাৰ সমস্যা থকা লোকৰ বাবে বেছিকৈ চাহ-কফি খোৱাটো স্বাস্থ্যকৰ নহয়। কেফেইনে গ্ল’ক’মাৰ প্ৰভাৱ কেইবাগুণো বৃদ্ধি কৰিব পাৰে।
৫) যিসকলৰ গেছ, হাৰ্টবাৰ্ণৰ সমস্যা আছে তেওঁলোকে চাহ-কফিৰ পৰিমাণৰ প্ৰতি সাৱধান হ’ব লাগে। শৰীৰত কেফেইনৰ মাত্ৰা চৰম মাত্ৰাত উপনীত হ’লে বুকুৰ বিষ আৰু বমিও হ’ব পাৰে।
ওপৰত উল্লেখ কৰা কোনো সমস্যা থাকিলেও দৈনিক চাহ-কফি খোৱাৰ ক্ষেত্ৰত সচেতন হোৱাটো জৰুৰী। বহুতে দিনটোত ২-৩ কাপতকৈ বেছি চাহ বা কফি খাব নালাগে বুলি পৰামৰ্শ দিয়ে যদিও প্ৰকৃত পৰিমাণ ব্যক্তিভেদে এই পৰিমাণ বেলেগ বেলেগ। তেনে কোনো সমস্যা দেখা পালে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ লগতে চাহ বা কফিৰ পৰিমাণো পৰীক্ষা কৰা উচিত।