ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস
প্ৰতিবছৰে মে’ মাহৰ ২৮ তাৰিখে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয় ৷
এই দিৱস উদযাপনৰ আছে এক বিশেষ কাৰণ-
বিশ্বত ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধান সমূহ মানি চলাৰ লগতে এগৰাকী নাৰীৰ মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ সমগ্ৰ বিশ্বতে পালন কৰা দিৱসেই হ’ল বিশ্ব ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস ।
২০১৪ চনত জাৰ্মানীৰ এক বেচৰকাৰী সংস্থা ‘ৱাশ্ব ইউনাইটেডে’ পোন প্ৰথমে বিশ্বৰ মহিলা সকলৰ হিতৰ বাবে ২৮ মে’ তাৰিখে এই দিৱসৰ পাতনি মেলিছিল।
এই ২৮ মে’ দিনটোৰ এক সাংকেতিক অৰ্থ আছে। মে’ মাহ ইংৰাজী কেলেণ্ডাৰৰ পঞ্চম মাহ আৰু ঋতুচক্ৰৰ সময়ত গড় হিচাপত মহিলাৰ পাঁচদিন ঋতুস্ৰাৱ হয়। সেইদৰে মহিলাৰ ঋতুচক্ৰ গড় হিচাপত ২৮ দিনৰ। সেয়ে মে’ মাহৰ ২৮ তাৰিখে এই দিৱস পালন কৰা হয়।
বিশ্বৰ উন্নয়নশীল দেশ সমূহত মহিলা সকলৰ ঋতুস্ৰাৱৰ সময়ত স্বচ্ছতাৰ বাবে প্ৰয়োজনীয় আহিলা সমূহৰ চয়ন মূল্য, উপলব্ধতা আৰু সামাজিক আচৰণৰ ওপৰত ভিত্তি কৰি পালন কৰা হয় এই দিৱস ।
এই দিনটোত যুৱতী নাইবা কিশোৰী সকলক ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতা সমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰাৰ লগতে এইবিষয়ে শিক্ষা দিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হয়। গৱেষণাৰ পৰা পোৱা গৈছে যে বিশ্বৰ বহুতো দেশত ছোৱালীৰ ঋতুস্ৰাৱৰ সময়ত উপযুক্ত স্বচ্ছতা ব্যৱস্থাপনা নথকাৰ বাবে তেওঁলোকক ঘৰৰ ভিতৰতে থাকিবলৈ দিয়া হয়। বহুক্ষেত্ৰত তেওঁলোকৰ শিক্ষা গ্ৰহণো সীমানতে অন্ত পৰে।
ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ দিনা ঋতুচক্ৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। এই দিনা মাহেকীয়া আৰু ইয়াৰ আনুসংগিক বিষয় সমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰা হয়। বিভিন্ন মাধ্যমৰ লগতে ছ’চিয়েল মিডিয়াটো এই বিষয়ে সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ লগতে বিভিন্ন সংগঠনে গোলকীয়, ৰাষ্ট্ৰীয় তথা স্থানীয় প্ৰেক্ষাপটত ঋতুস্ৰাৱৰ সময়ৰ স্বচ্ছতা ব্যৱস্থাপনাৰ বিষয়ে বিভিন্ন নীতি আৰু প্ৰকল্প সমূহ গ্ৰহণ কৰে।
২০১২ চনত কেইবাটাও জনস্বাস্থ্যৰ লগত জড়িত গোটে ঋতুস্ৰাৱৰ সময়ত ল’বলগীয়া সাৱধানতাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ ধ্যান আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছিল। ইয়াৰ লগত তৃণমূল পৰ্যায়ৰ সন্থাৰ লগতে সামাজিক উদ্যমী আৰু ৰাষ্ট্ৰসংঘৰ সহযোগী সংগঠন সমূহ অন্যতম।
২০১৩ চনৰ মে’মাহত ৱাছ ইউনাইটেড নামৰ সংগঠনে ছ’চিয়েল মিডিয়াত যোগে এক মাহজোৰা অভিযান আৰম্ভ কৰে। তেওঁলোকে ঋতুচক্ৰৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ উদেশ্যে এই অভিযান আৰম্ভ কৰিছিল। সেইসময়তে তেওঁলোকে ঋতুস্ৰাৱ স্বাস্থ্যৰ ওপৰত গোলকীয় সজাগতাৰ বাবে দিৱস উদযাপন কৰিবলৈ মনস্থ কৰে।
২০১৪ চনৰ ২৮ মে’ তাৰিখে গোটেই বিশ্বতে পোনপ্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱ স্বাস্থ্য দিৱস উদযাপন কৰা হয়। উক্ত দিনটোত পৃথিৱীৰ বিভিন্ন ঠাইত শোভাযাত্ৰা, প্ৰদৰ্শনী, চলচ্চিত্ৰ প্ৰদৰ্শন, কৰ্মশালা আৰু বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল। প্ৰথম ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ জড়িত হৈ আছিল ১৪৫টা সহযোগী সংস্থা আৰু তাৰেই ফলশ্ৰুতি ৰূপে সমগ্ৰ বিশ্বত আজিও পালন কৰা হয় বিশ্ব ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা বিশ্ব ঋতুচক্ৰ স্বচ্ছতা দিৱস৷