বহুদিন ধৰি ডায়েবেটিছ ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য নহয় বৰঞ্চ নিয়ন্ত্ৰণ কৰিব পাৰি বুলি ভবা হৈছিল। কিন্তু বিশ্বত প্ৰথমবাৰৰ বাবে চীনৰ গৱেষক আৰু চিকিৎসকৰ এটা দলে এজন ৰোগীৰ মধুমেহ ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য কৰি তুলিলে । তেওঁলোকৰ দাবী যে ডায়েবেটিছ নিৰ্মূল হোৱাৰ পিছত দুবছৰমান ৰোগীজনে কোনো ধৰণৰ ইনচুলিন বা ঔষধ খাব লগীয়া হোৱা নাছিল। কেৱল সেয়াই নহয়, তেওঁৰ তেজৰ শর্কৰাৰ মাত্ৰা একেবাৰে কম বেছি হোৱা নাছিল।
চাউথ চাইনা মৰ্নিং পোষ্টত প্ৰকাশ পাইছে এই নতুন অধ্যয়ন। চাংহাই চাংজেং হাস্পতালৰ চিকিৎসক ইন হাও আৰু তেওঁৰ দলটোৱে ডায়েবেটিছ ৰোগ নিৰাময়ৰ এক নতুন উপায় আৱিষ্কাৰ কৰিছে। মূল গৱেষক ইন আৰু তেওঁৰ সহায়ক কিফাৰে দাবী কৰিছিল যে কোষ প্ৰতিস্থাপনৰ নতুন পদ্ধতিৰে ডায়েবেটিছ সম্পূৰ্ণৰূপে নিৰাময় কৰা সম্ভৱ।
কিফাৰে কয় যে ২০২১ চনত এজন ৰোগীয়ে ডায়েবেটিছৰ চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ আহিছিল। তেওঁৰ কিডনীৰ অৱস্থাও ভাল নাছিল। ব্যক্তিজন টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত আছিল। ইনচুলিনেও কাম কৰা বন্ধ কৰি দিছিল। সেই সময়ত চিকিৎসকে ‘আইলেট চেল’ ট্ৰান্সপ্লাণ্ট পদ্ধতি প্ৰয়োগ কৰিছিল।
চীনৰ গৱেষকসকলে শৰীৰৰ ভিতৰত ইনছুলিন উৎপাদন প্ৰক্ৰিয়াটো পুনৰ সৃষ্টি কৰাৰ উপায় আৱিষ্কাৰ কৰিছে। নতুন ধৰণেৰে পেনক্ৰিয়াচৰ আইলেট কোষ প্ৰতিস্থাপন কৰে ৷ পুৰণি কোষবোৰ আঁতৰাই নতুন কোষেৰে সলনি কৰা হয় যাতে গোটেই চক্ৰটো পুনৰ আৰম্ভ হ’ব পাৰে। শৰীৰে নিজাববীয়াকৈ ইনচুলিন তৈয়াৰ কৰিব পাৰে। যাতে বাহিৰৰ পৰা ইনচুলিন দিয়াৰ প্ৰয়োজন নহয় ৷
এই গৱেষণা এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছিল। প্ৰথমবাৰ এজন ৰোগীৰ ওপৰত প্ৰয়োগ কৰাৰ সময়ত ইয়াক সফল বুলি দাবী কৰা হৈছিল। চীনৰ গৱেষকসকলৰ মতে আগন্তুক দিনত এই পদ্ধতি প্ৰয়োগ কৰি ডায়েবেটিছ ৰোগ নির্মূল কৰাটোৱেই তেওঁলোকৰ প্ৰকৃত লক্ষ্য।