শ্ৰী মতীক এবাৰ বিদেশলৈ ফুৰাবলৈ লৈ যাবলৈ আমাৰ বৰ মন আছিল,এজন স্বাভাৱিক মানুহ হিচাবে সকলোৰে মন থাকে।মন থাকিলেই জানো হ’ব।বিধি পথালি বহুত।এজন গ্ৰাম্য চিকিৎসকৰ বাবে সেইয়া যেন সম্ভৱ নাছিল। তথাপি তেওঁক কথা দিছিলোঁ,পাছপৰ্টটোৰ ১০ বছৰ ম্যাদ শেষ হোৱাৰ আগতে এবাৰ লৈ যামেই। সাপে যেন সেই সুযোগ আনি দিয়ে।
আপোনালোক সকলোকে জনাবলৈ পাই সুখী যে ২০ মেৰ পৰা ২৫ মে লৈকে অনুষ্ঠিত হোৱা ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বিহ সম্মিলনলৈ আমাক সৰ্প দংশনৰ ডিমৌ হাস্পাতালৰ মডেলটো উপস্থাপন কৰিবলৈ আমন্ত্ৰিত কৰে।কোৱা বাহুল্য যে সন্মিলনখন আন্তঃৰাষ্ট্ৰীয় বিহ সন্থাৰ(International Society of Toxinology)২২ সংখ্যক বাৰ্ষিক অধিবেশন আছিল।বিষয়ববীয়াসকলে বিষয়টোৰ গুৰুত্ব বুজি অহা যোৱা কৰাৰ সমস্ত খৰচ বহন কৰিবলৈ জলপানি দিবলৈও থিৰাং কৰিছিল! ইফাল সিফালৰ পৰা কিছু অর্থ যোগান ধৰি শ্ৰী মতীকও লৈ যোৱাৰ থিৰাং কৰিলোঁ।পাছপৰ্টটোৰ ম্যাদ উকলিবলৈ মাত্ৰ ৯ মাহহে আছিল।মাজতে ভাবিছিলো,শ্ৰী মতীক মই দিয়া কথা ৰাখিব নোৱাৰিম।অৱশেষত মোৰ দুৰৱস্থা দেখি সাপেই যেন উদ্ধাৰকাৰীৰ ভূমিকা লয়।নহলে শ্ৰী মতীৰ সন্মুখত মোৰ কথাৰ মূল্যই নাথাকিলেহেঁতেন।
অসম,তাৰ পাছত ভাৰতবৰ্ষ আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় বিহ সন্থায়েও ডিমৌ হস্পিটেলৰ সৰ্প দংশনৰ মডেলটো স্বীকৃতি দিছে!ইয়াৰ কৃতিত্বৰ শ্ৰেয় আমাৰ সকলো স্বাস্থ্যকৰ্মীসকল,আমাৰ ডিমৌ আৰু অসমৰ ৰাইজৰ সহযোগিতা,বিভিন্ন সংগঠন আৰু সংবাদ কৰ্মীসকলৰ উৎসাহ!সকলোৰে সহযোগত সৰ্প দংশন বিষয়টোত আমি আৰু কেইখোজমান আগবাঢ়ি গৈছোঁ।আমাৰ সূত্ৰ এটাই সৰ্প দংশন হৈছে বা কিবাই কামোৰিছে তৎক্ষণাৎ গ্ৰাম্য চিকিৎসালয়ত আহি ২৪ ঘণ্টাৰ বাবে পৰ্য্যবেক্ষণত থাকক।প্ৰাৰম্ভিক লক্ষণত এণ্টিভেনম বেজী লওক,অন্যথা লক্ষণ নাথাকিলে ২৪ ঘণ্টাত হাঁহি মুখে ঘৰলৈ যাওক। সৰ্প দংশন সমস্যাৰে জৰ্জৰিত পৃথিৱীৰ দেশবোৰৰ গ্ৰাম্য চিকিৎসালয়ত সৰ্প দংশনৰ আছুতীয়া চিকিৎসা কক্ষ হওঁক।নিজৰ নিজৰ ৰাজ্যৰ বিষাক্ত সাপ বিলাকৰ চিনাক্তকৰণ হওঁক।তাৰ বিহৰ গৱেষণা হওঁক।নিজ নিজৰ ৰাজ্যৰ বিষাক্ত সাপৰ দংশনৰ নিজা প্ৰট’কল হওঁক।সকলো বিষাক্ত সাপৰ দংশনত এন্টিভেনম বেজী নিদিয়াকৈও সফল চিকিৎসা কৰিব পাৰি আৰু শেষত সৰ্প দংশনৰ চিকিৎসাত বিয়াগোম ডাক্তৰ বা বিয়াগোম হাস্পাতালৰ প্ৰয়োজন নাই।গ্ৰাম্য চিকিৎসালয়তে সেইয়া সম্ভৱ। এইবোৰ কথা আমি উপস্থাপন কৰাৰ লগতে ডিমৌ হাস্পতালৰ পৰিসংখ্যাবোৰ উপস্থাপন কৰা হৈছিল।কোৱা বাহুল্য আমাৰ মডেলটো পৰবৰ্তী পৰ্যায়ত বিশ্ব স্বাস্থ্য সংস্থাত উপস্থাপন কৰা হব।
আপোনালোকে জানি ভাল পাব আমিয়েই একমাত্ৰ গ্ৰাম্য চিকিৎসালয় হিচাবে যোগদান কৰিছিলোঁ।বিভিন্ন দেশৰ সকলো গৱেষক আৰু চিকিৎসক সকলৰ ঠিকনা বিয়াগোম বিয়াগোম হাস্পাতাল বা চিকিৎসা মহাবিদ্যালয়।চিকিৎসক হিচাবে আমিয়েই একমাত্ৰ গ্ৰাম্য চিকিৎসক।ভাৰতবৰ্ষৰ পৰা সৰ্বমুঠ ৬ জনে যোগদান কৰিছিল।কিন্তু যাতায়াত আৰু থকা-খোৱাৰ জলপানি কেৱল আমাৰ ডিমৌ গ্ৰাম্য হাস্পাতালখনকহে প্ৰদান কৰিছিল।
গ্ৰাম্য চিকিৎসক হিচাবে আমি এশ-এবুৰি সমস্যাৰে জৰ্জৰিত।চিকিৎসাৰ সুৰ্ধীৰ্ঘ ১৬ বছৰীয়া গ্ৰাম্য অভিজ্ঞতাত মাজে মাজে আমি হতাশাতও ভুগিছিলো,কিন্তু আমি আমাৰ কৰণীয়খিনি কৰি গৈছিলো!ফলাফলৰ কথা চিন্তা কৰা নাছিলো।আজি গ্ৰাম্য চিকিৎসক হিচাবে আমি সুখী।একমাত্ৰ গ্ৰাম্য চিকিৎসালয়ত কৰ্মৰত হোৱা বাবেই আমি পৃথিৱীৰ এটা অত্যন্ত অৱহেলিত বিষয়টোৰ সমাধান কৰাৰ লগতে,আমাৰ হাস্পাতালখন বিশ্ব দৰবাৰত উজলি উঠিব সক্ষম হোৱাৰ লগতে, শ্ৰী মতীক জীৱনত এবাৰ হ’লেও বিদেশ ভ্ৰমন কৰাব পৰিলোঁ।
ছিংগাপুৰত থকা কেইদিন অসমৰ বিভিন্ন জিলাৰ পৰা ৩৯ টাকৈ ফোন কল পাওঁ।কোনোবাজন সৰ্প দংশন হোৱা ৰোগীৰ আত্মীয়ৰ ফোন নতুবা কোনোবা এজন ডাক্তৰ বা স্বাস্থ্যকৰ্মীৰ ফোন।এই সময়ছোৱাত অসমৰ বিভিন্ন চিকিৎসালয়ত বিষাক্ত ফেটী সাপৰ দংশনৰ ৫ জন ৰোগী, বিষাক্ত পিট ভাইপাৰ সাপৰ দংশনৰ ৮ জন ৰোগী আৰু এজন বিষাক্ত শংখচূড় সাপৰ দংশনৰ ৰোগীক যাৱতীয় দিহা-পৰামৰ্শৰে সুস্থ কৰা হয়।অসমৰ সকলো ৰাইজ আৰু অসমৰ বিভিন্ন চিকিৎসালয়ৰ আমাৰ স্বাস্থ্যকৰ্মী সকলকৰ যুঁজাৰু মনোভাব প্ৰশংসাৰ পাত্ৰ। ছিংগাপুৰ দৰ্শনৰ আমেজতকৈ বিষাক্ত সাপৰ দংশনৰ সাম্ভাৱ্য মৃত্যুক বাধা দিয়া আমাৰ অসমৰ স্বাস্থ্যকৰ্মী সকলক দু-আষাৰৰ সফল দিহা পৰামৰ্শবোৰৰ কাৰণে আমি কিমান আত্মসন্তুষ্টি অনুভৱ কৰিছিলোঁ,সেইয়া শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ।নিজকে কিবা Doctors are not in Holiday দৰে লাগিছিল।এই সময়ছোৱাত অধিবেশনৰ ব্যস্ত সময়ছোৱাত আপোনালোক কাৰোবাৰ ফোন ধৰিব নোৱাৰা বাবে আমি অত্যন্ত দুঃখিত।
ছিংগাপুৰত কৰ্মৰত অসমৰ বিভিন্ন জিলাৰ Assam Association of Singapore ৰ বিষয়ববীয়া সকলে আহি আমাক সংগ দিয়া বাবে আমি তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ।শিৱসাগৰৰ পানবেচা গাঁৱৰ মোৰ সতীৰ্থ বন্ধু ডাঃ মনোজ চেতিয়াৰ ভাতৃ শ্ৰী অপূৰ্ব চেতিয়া আৰু ৰুমী বৌৰ আতিথ্য আমাৰ বাবে এক পাহৰিব নোৱাৰা স্মৃতি। এনেবোৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিয়ে উঠি অহা ডাক্তৰ সকলক গ্ৰাম্য হাস্পাতালত কৰ্মৰত হবলৈ উদ্ধুদ্বু কৰিব আৰু অদূৰ ভৱিষ্যতে আমি সমাজৰ স্বাস্থ্য সমন্ধীয় বিভিন্ন সমস্যাবোৰৰ সমাধান বিচাৰি উলিয়াব সক্ষম হম যেন মনে ধৰে।আমি আশাবাদী।
আমি যদি চিকিৎসা কৰা ৰোগীৰ পৰিসংখ্যাবোৰ সযতনে ৰাখি জাৰ্নেল আদিত প্ৰকাশ কৰোঁ, যদি আমি চিকিৎসা ব্যৱস্থাবোৰ বৈজ্ঞানিক ভিত্তিত কৰোঁ,তেনেহলে বিশ্বই আপোনাক স্বীকৃতি দিবই দিব।দীঘলীয়া সময় লাগিব পাৰে,বহু কষ্ট হব পাৰে,আপোনাক সহস্ৰজনে হাঁহিব পাৰে,সেইবিলাক আপোনালোকে কেৰেপ নকৰিব।শেষ হাঁহি যে আপুনিয়েই মাৰিব,সেইয়া ধুৰূপ।
(লেখক সংজ্ঞাহাৰক বিশেষজ্ঞ(Anaesthesiologist), সৰ্প দংশনৰ সামাজিক কৰ্মকৰ্তা)
বি:দ্ৰ : ডাঃ সুৰজিত গিৰিৰ সামাজিক মাধ্যমৰ পোষ্টৰ পৰা শ্বেয়াৰ কৰা হৈছে ৷