১৯২৪ চনৰ ৭ এপ্ৰিলত শ্বিলঙত জন্ম গ্ৰহণ কৰা আগশাৰীৰ গীতিকাৰ- সুৰকাৰ, সংগীত পৰিচালক জিতেন দেৱৰ ভালেসংখ্যক গীত ড০ ভূপেন হাজৰিকা, দীপালি বৰঠাকুৰ, ড০ বীৰেন্দ্ৰ নাথ দত্ত, বীৰেণ ফুকন, অৰ্চনা মহন্ত, বীণা ভাগৱতী, তুলিকা সেনাপতি, অনিমা বৰঠাকুৰ, মিতালী চৌধুৰী, হাচিনা হাজৰিকা, ড০ অনিমা চৌধুৰী, পুলক বেনাৰ্জী প্ৰভৃতি অসমৰ ভালেসংখ্যক শিল্পীয়ে কন্ঠদান কৰি থৈছে । এইজনা শিল্পীৰ সুৰত প্ৰাণ পাই উঠা গীত আনকি হিন্দী আৰু বাংলা ছৱিৰ নেপথ্য গায়ক অনুপ ঘোষালে কন্ঠদান কৰি থৈছে । উল্লেখযোগ্য যে, জিতেন দেৱে “মাটিৰ স্বৰ্গ” চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰাৰ উপৰিও ব্ৰহ্মানন্দ, কবীৰ,তুলসী দাস, নানক আৰু মীৰা ভজন ৰচনা কৰি আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰ কৰিছিল । কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ উমাল সান্নিধ্য লাভ কৰা জিতেন দেৱৰ গীত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উপপিও পশ্চিমবংগতো বেচ জনপ্ৰিয়তা লাভ কৰিছিল । ১৯৯৭ চনৰ ৩১ মে’ ত ইহলীলা সম্বৰণ কৰা এইজনা মহান শিল্পীৰ জন্ম শতবৰ্ষ (১৯২৪-২০২৪) উপলক্ষ্যে অহা ১ জুন তাৰিখে সন্ধিয়া ৬ বজাৰ পৰা জিতেন দেৱ সোঁৱৰণী সমিতিৰ সৌজন্যত গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত “তুমি সুৰ হৈ বৈ থকা” শীৰ্ষক এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে ।এই অনুষ্ঠানত জিতেন দেৱৰ চিৰসেউজ অসমীয়া একাংশ গীত মৃদুলা দাস, পুলক বেনাৰ্জী, যুগব্ৰতা দত্ত, দত্ত, বন্দনা দত্ত, নমিতা গোস্বামী, প্ৰেমাক্ষী দেৱ, ধৃতিশ্ৰী দেৱী, ৰুবুল কলিতা, কৃতাঞ্জলি গোস্বামী, নিৰ্মালী দাস, নিৰ্মালী দাস, সংগীতা দত্ত, দীক্ষা দেৱ সেনগুপ্ত আদিয়ে পৰিৱেশনৰ কৰি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব । অনুষ্ঠানত সাংস্কৃতিকপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে ।