কেতিয়াবা গৰম, কেতিয়াবা আকৌ বৰষুণ ৷ যাৰ বাবে সংক্ৰামক ৰোগ বৃদ্ধি পাইছে ৷ঋতু পৰিবৰ্তনৰ এই সময়ত জ্বৰ-চর্দৰ উপৰি ডিহাইড্ৰেচনৰ সমস্যাতো ভোগে ৷যদি শৰীৰত ডিহাইড্ৰেচন হয় তেন্তে চিকিৎসকে অ’আৰএছ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। বহুতে ঘৰতে নিমখ-চেনিৰ পানী প্ৰস্তুত কৰি খায়। কিন্তু চিকিৎসকৰ মতে, ডায়েৰিয়া বা ডিহাইড্ৰেচন হ’লে কেৱল বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত অ’আৰএছহে সেৱন কৰিব লাগে। ঘৰতে নিমখ আৰু চেনি মিহলাই প্ৰস্তুত কৰা মিশ্ৰণে শৰীৰৰ ক্ষতি কৰিব পাৰে।
অ’আৰএছ ৰ অৰ্থ হ’ল অ’ৰেল ৰিহাইড্ৰেচন ছলিউচ্যন ( ‘Oral Rehydration Solution’)। যেতিয়া অন্ত্ৰৰ সমস্যাৰ বাবে শৰীৰত ডিহাইড্ৰেচন হয় তেতিয়া প্ৰয়োজনীয় নিমখ আৰু শর্কৰা বাহিৰলৈ ওলাই যাবলৈ আৰম্ভ কৰে। তাৰ পিছত শৰীৰত প্ৰয়োজনীয় পানী আৰু খনিজ লৱণৰ ভাৰসাম্য বজাই ৰাখিবলৈ সমগ্ৰ বিশ্বতে ৰোগীক অ’ আৰ এছ খুৱাই দিয়াৰ প্ৰথা আছে। কিন্তু বহুতে অ’আৰএছৰ পেকেট নাপালে ঘৰতে অ’আৰএছ বনায় খাই । ঘৰতে কেনেকৈ অ’আৰএছ বনাব পাৰি তাৰ কিছু পদ্ধতি ছচিয়েল মিডিয়াতো উপলব্ধ। এনে পৰিপ্ৰেক্ষিতত দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালৰ চিকিৎসক পংকজ গাৰ্গে দাবী কৰিছে যে ঘৰতে বনোৱা অ’ আৰ এছ শৰীৰৰ বাবে ভাল নহয়। কাৰণ নিমখ বা চেনিৰ অনুপাত কম- বেছি হয় তেন্তে ই স্বাস্থ্যকৰ নহয়।
চিকিৎসকৰ মতে এক লিটাৰ পানীৰে অ’ আৰ এছ বনাবলৈ, কিমান নিমখ আৰু কিমান চেনিৰ প্ৰয়োজন হ’ব তাৰ জোখ ঘৰতে প্ৰস্তুত কৰা অ’আৰএছৰ ক্ষেত্ৰত শুদ্ধ নহয়। ফলত হয় নিমখৰ পৰিমাণ বৃদ্ধি পায়, নহয় চেনিৰ পৰিমাণ বৃদ্ধি পায়। দেখা গৈছে যে বহুতে নিমখীয়া পানীৰ সোৱাদ বৃদ্ধিৰ বাবে প্ৰচুৰ পৰিমাণে চেনি ব্যৱহাৰ কৰে । যিটো শৰীৰৰ বাবে উপকাৰী নহয় ৷
এতিয়া ঘৰে ঘৰে ভাইৰেল জ্বৰ। বমিৰ লগতে পেটৰ বিষো হোৱা দেখা যায় । এনে ক্ষেত্ৰত ৰোগীক তৎক্ষণাত অ’আৰএছ দিব লাগে। কিন্তু চিকিৎসকে ভাবে যে ইয়াক বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদিত অ’ আৰ এছহে খুৱাব লাগে। তেওঁলোকৰ পৰামৰ্শ হ’ল অ’আৰএছ ত কেৱল নিমখ আৰু চেনিৰ উপৰি শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্যও বজাই ৰখা উপাদান অধিক যোগ কৰা উচিত । অতি সহজ ভাষাত ক’বলৈ গ’লে ইলেক্ট্ৰ’লাইট হৈছে পানীত থকা কিছুমান খনিজ আয়ন। যেনে- ছডিয়াম, পটাছিয়াম, ক্লৰাইড, কেলচিয়াম, মেগনেছিয়াম ইত্যাদি। শৰীৰত এই খনিজ পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাটো সুস্থ হৈ থকাৰ বাবে অতি প্ৰয়োজনীয়। ঘৰতে বনোৱা নিমখ-চেনিৰ পানীত এই খনিজ পদাৰ্থ পোৱা নাযায়। গতিকে বিশ্ব স্বাস্থ্য সংস্থা অনুমোদিত অ’আৰএছ খাবলৈ কোৱা হৈছে। যদি আপুনি বজাৰৰ পৰা অ’আৰএছ ক্ৰয় কৰে তেন্তে বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন লাভ কৰিছে নে নাই পৰীক্ষা কৰিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে।