উত্তৰ-পূর্বাঞ্চলত উদ্যোমিতা বৃদ্ধিৰ বাবে আই আই ইয়ে গ্ৰহণ কৰা পদক্ষেপসমূহৰ খতিয়ান ল’বলৈ শেহতীয়াকৈ ভাৰতীয় উদ্যোমিতা প্ৰতিষ্ঠানত উপস্থিত হয় ভাৰত চৰকাৰৰ এম এছ ডি ইৰ সচিব অতুল কুমাৰ তিৱাৰী ৷
শেহতীয়া বছৰবোৰত আই আই ইয়ে অঞ্চলটোত গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীৰ বিষয়ে বিশদভাৱে তিৱাৰীক অৱগত কৰা হয় ৷ যিসমূহ কার্যসূচীৰ ইতিবাচক পৰিণতি হিচাপে কেইবাজনো প্ৰথম প্ৰজন্মৰ উদ্যোগীক সৃষ্টি হোৱাৰ লগতে বিভিন্ন জনজাতিৰ অন্তৰ্গত হাজাৰ হাজাৰ পৰিয়ালে সন্মানজনক জীৱিকা লাভ কৰিছে ৷ আলোচনাত অংশগ্ৰহণ কৰি আৰু বিষয়াসকলৰ সৈতে মত বিনিময় কৰি তিৱাৰীয়ে অঞ্চলটোত উদ্যোগীকৰণ সৃষ্টিৰ ক্ষেত্ৰত আই আই ইয়ে লোৱা অগ্ৰণী পদক্ষেপৰ শলাগ লোৱাৰ লগতে অঞ্চলটোৰ পৰিৱেশৰ লগত সংগতি ৰাখি বিকাশ আৰু উদ্যোগীকৰণৰ নতুন ক্ষেত্ৰসমূহ অন্বেষণ কৰাৰ বাবেও মূল্যৱান পৰামৰ্শও আগবঢ়ায় ৷ উদ্যোগীকৰণৰ জৰিয়তে মহিলা সবলীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আই আই ইক ভূয়সী প্ৰশংসা কৰে তিৱাৰীয়ে ৷ তেওঁ লগতে কয় যে মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণে সামগ্ৰিকভাৱে সমাজত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে।
তিৱাৰীয়ে ভ্ৰমণৰ সময়ত বন্ধন কেন্দ্ৰৰ হিতাধিকাৰী, অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মী, আই টি আইৰ অধ্যাপক সদস্য আৰু মেঘালয় ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ বিষয়াসকলকে ধৰি আই আই ইত বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীৰ বিভিন্ন গোটৰ সৈতে মত বিনিময় কৰে। তেওঁলোকৰ অভিজ্ঞতা সন্দৰ্ভত মতামত গ্ৰহণ কৰি অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰি তিৱাৰীয়ে আই আই ইৰ দ্বাৰা পৰিচালিত প্ৰশিক্ষণ কাৰ্যসূচীৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আৰু উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ দিশত ইতিবাচক অৰিহণা যোগাবলৈ আহ্বান জনায়। দক্ষতা বিকাশ আৰু উদ্যোমিতা মন্ত্ৰালয়ে উত্তৰ-পূব অঞ্চলত দক্ষতা আৰু উদ্যোগীকৰণ বিকাশৰ বাবে সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷ যাতে অঞ্চলটোৰ জনগোষ্ঠীসমূহক অভূতপূৰ্ব আৰ্থ-সামাজিক সুবিধা প্ৰদান কৰিব পৰা যায় ৷
তিৱাৰীয়ে আই আই ইত বৰ্তমানৰ বিভিন্ন আন্তঃগাঁথনি আৰু ইনকিউবেচন কেন্দ্ৰসমূহো পৰিদৰ্শন কৰি উদীয়মান উদ্যোগীসকলক দক্ষতা উন্নীতকৰণৰ বাবে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ আহ্বান জনায়। তেওঁ আই আই ইৰ সক্ৰিয় টীমটোৰ শলাগ লৈ কয় যে সক্ৰিয় দলীয় মনোভাৱ আৰু সংহত পৰিৱেশ বজাই ৰখাটোৱেই নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ মূল চাবিকাঠি।
ইয়াৰ পূৰ্বে তিৱাৰীক উষ্ম আদৰণি জনায় আই আই ইৰ সঞ্চালক ড০ ললিত শৰ্মাৰ লগতে জ্যেষ্ঠ বিষয়া-কৰ্মচাৰীসকলে। আই আই ইৰ বিষয়াসকলৰ সৈতে বন্ধন কেন্দ্ৰৰ সদস্যসকলে অনন্য পৰম্পৰাগত সামগ্ৰীৰে তিৱাৰীক সম্বৰ্ধনা জনায়। তিৱাৰীয়ে ভ্ৰমণৰ সময়ত চৌহদত অৰ্জুন গছৰ পুলিও ৰোপণ কৰে। তেওঁৰ এই ভ্ৰমণে আই আই ইৰ সকলো প্ৰশিক্ষাৰ্থী আৰু কৰ্মচাৰীক উৎসাহিত আৰু প্ৰেৰণা যোগায়।