ধূমপান স্বাস্থ্যৰ পক্ষে হানিকৰ ৷ ইয়াত থকা নিকোটিনে ক্ৰমান্বয়ে শৰীৰৰ ক্ষতি কৰে। সময়ৰ লগে লগে ধূমপানৰ ক্ষতিকাৰক প্ৰভাৱ অধিক স্পষ্ট হৈ পৰে। বহুতে জানে যে ধূমপানৰ ফলত কেন্সাৰ হয়। কিন্তু আপুনি জানেনে যে ধূমপানেই আৰু বহুতো ভয়াৱহ ৰোগৰ কাৰণ? ধূমপানৰ অভ্যাসত কি কি ৰোগে শৰীৰত বাহ সাজিব পাৰে?
হাওঁফাওঁৰ কেন্সাৰ
ধূমপান হাওঁফাওঁৰ কৰ্কট ৰোগৰ আটাইতকৈ সাধাৰণ বিপদজনক কাৰক। চিগাৰেটত থকা কাৰ্চিনোজেনিক পদাৰ্থই হাওঁফাওঁৰ ডি এন এ ধ্বংস কৰে। হাওঁফাওঁৰ কৰ্কট ৰোগৰ দৰে ৰোগৰ লক্ষণ চিনাক্ত কৰাটো কঠিন। ৰোগৰ লক্ষণ যিমান সোনকালে চিনি পোৱা যায়, সিমান সোনকালে চিকিৎসকৰ সন্ধান কৰিব পৰা যায়।
ষ্ট্ৰোক
ধূমপানৰ ফলতো উচ্চ ৰক্তচাপ হয়। ধূমপানৰ অভ্যাসে ৰক্তচাপৰ মাত্ৰা বৃদ্ধি কৰে। ইয়াৰ পিছত যদি ধূমপান অব্যাহত থাকে তেন্তে তেজ জমা হ’বলৈ আৰম্ভ কৰে। তাৰ পৰাই ব্ৰেইন ষ্ট্ৰোকৰ আশংকা বৃদ্ধি পায়। ফলত ৰোগীজন পক্ষাঘাতগ্ৰস্ত হ’ব পাৰে। আনকি মৃত্যুও হ’ব পাৰে।
শ্বাসকষ্ট
ধূমপানৰ ফলত হোৱা উশাহ-নিশাহৰ সমস্যাই শেহতীয়াকৈ এক আতংকজনক ৰূপ লৈছে। এই শাৰীৰিক সমস্যাই বিভিন্ন বয়সৰ লোকক আক্ৰমণ কৰি আছে। ধূমপানৰ ফলত বুকুৰ সংক্ৰমণৰ পৰাও উশাহ-নিশাহৰ সমস্যা হয়। ইয়াৰ ফলত ব্ৰংকাইটিছ, নিউমোনিয়াৰ সম্ভাৱনা বৃদ্ধি পায়।
টাইপ ২ ডায়েবেটিছ
বহুতে নাজানে যে ধূমপান কৰিলে ডায়েবেটিছ হ’ব পাৰে। কিন্তু এইটো জনা উচিত যে ধূমপানো টাইপ ২ ডায়েবেটিছৰ আঁৰৰ এটা কাৰক। ধূমপানে তেজত শর্কৰা বৃদ্ধি কৰে। ফলত টাইপ ২ ডায়েবেটিছ হোৱাৰ আশংকা থাকে। এই ডায়েবেটিছৰ বাবেই বৃক্কৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’বলৈ ধৰিলে। আনকি, দৃষ্টিশক্তিও দুৰ্বল হৈ পৰে।
দাঁতৰ ক্ষয়
ধূমপানে দাঁতৰ ক্ষতি কৰে। দাঁত ক্ষয়ৰ এটা প্ৰধান কাৰণ হ’ল ধূমপান। মুখৰ ভিতৰত বেক্টেৰিয়াৰ সংক্ৰমণে দাঁতৰ বহু ক্ষতি কৰে। আনকি, তাৰ পৰা কেন্সাৰ হোৱাৰ আশংকাও বৃদ্ধি পায় ৷