ফ্ৰান্সৰ এখন বিশেষ বাতৰি কাকত, যাৰ নাম “La Bougie du Sapeur” । যোৱা ৪০ বছৰ ধৰি প্ৰকাশিত হৈ আহিছে এই বাতৰি কাকতখন। কিন্তু আমোদজনক কথাএই যে এতিয়ালৈকে বাতৰি কাকতখনৰ মাত্ৰ ১১ সংখ্যক সংস্কৰণহে মুদ্ৰণ হৈছে। ইয়াৰ কাৰণ হৈছে এই কাকতখন বছৰৰ ফেব্ৰুৱাৰী মাহৰ ২৯ তাৰিখে অৰ্থাৎ লিপইয়েৰত হে প্ৰকাশ হয়।
উল্লেখযোগ্য যে ১৯৮০ চনত জেকৱেছ দে বুইছন (Jacques De Buisson) আৰু খ্ৰীষ্টিয়ান বেইলী (Christian Bailly) নামৰ বাতৰি কাকত আৰু ছপাখানাৰ লগত জড়িত দুজন বন্ধুৰ মাজত হাঁহি-ধেমালীতে এই কাকতখনৰ প্ৰসংগ আৰম্ভ হৈছিল। ১৯ শতিকাত প্ৰচলিত এক জনপ্ৰিয় কাৰ্টুন চৰিত্ৰ “Sapper Camember”ৰ নামৰ আধাৰত কাকতখনৰ নামাকৰণ কৰা হয় “The Sapper’s Candle” হিচাপে।কাহিনী অনুসৰি “Sapper Camember”য়ে ২৯ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰিছিল আৰু মাত্ৰ চাৰিবাৰ নিজৰ জন্মদিন পালন কৰাৰ পাচত সেনা-বাহিনীত যোগদান কৰিছিল।
উল্লেখযোগ্য যে ২০ পৃষ্ঠাৰ এই বাতৰি কাকতখনে শেষৰ চাৰি বছৰৰ খবৰ , ব্যঙ্গাত্মক আলোচনা , ভুল অথবা শুদ্ধ খবৰ , সাক্ষাৎকাৰ, খেলৰ খবৰ , বিনোদন,কৌতুক আদি বিভিন্ন বিষয় প্ৰকাশ কৰে। প্ৰাপ্ত তথ্য মতে বাতৰি কাকতখনৰ বৰ্তমানৰ সম্পাদক হৈছে “Viscount Jean D’Indy“ ।
উক্ত বাতৰি কাকতখনৰ প্ৰধান পৃষ্ঠাসমূহত দৈনিক প্ৰকাশ হোৱা বাতৰি কাকতৰ দৰেই ৰাজনীতি, অৰ্থনীতি ,আন্তঃৰাষ্ট্ৰীয় বিষয় আদিবোৰ প্ৰকাশ পাই যদিও শেষলৈ খেল তথা বিনোদনধৰ্মী বাতৰি বেছিকৈ পোৱা যায়।উল্লেখযোগ্য যে এই কাকতখনত “Last Minute” নামৰ এক অংশও সন্নিবিষ্ট ।
প্ৰাপ্ত তথ্য অনুসৰি ২০২০ চনত “La Bougie du Sapeur” নামৰ এই কাকতখনৰ প্ৰায় ২০০,০০০ টা সংস্কৰণ ফ্ৰান্স , বেলজিয়াম লাক্সেমবাৰ্গ আৰু ছুইজাৰলেণ্ডত বিতৰণ কৰা হৈছিল। উল্লেখ্য যে এই বাতৰি কাকতখনে নিজৰ আয়ৰ এক অংশ “A tire d’aile”নামৰ মানুহক সহায় কৰা এটা সংস্থাকো দান কৰে।
“La Bougie du Sapeur” নামৰ এই কাকতখনৰ এটা সংস্কৰণ ৪.৮০ ইউৰো অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৪১৬.৯৭ টকাত বিক্ৰী হয়। কিন্তু কোনো লোকে দীৰ্ঘ সময়ৰ বাবে পাঠক হ’ব বিচাৰিলে প্ৰতি শতাব্দীৰ বাবে ১০০ ইউৰো অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত ৮৬৮৬.৮৯ টকাত সদস্যভূক্ত হ’ব পাৰিব।