বিয়াৰ তিনিবছৰৰ পাছত কন্যা সন্তানৰ পিতৃ হ’ল বলিউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধাৱান ৷ সোমবাৰে সন্ধিয়া তেওঁৰ পত্নী নাটাশা দলালৰ কন্যা সন্তান জন্ম হয়। বর্তমান মাতৃ-শিশু সুস্থ বুলি জানিব পৰা গৈছে ৷
অৱশ্যে এতিয়ালৈকে বৰুণ বা নতাশাই ছ’চিয়েল মিডিয়াত এই ভাল খবৰটো ঘোষণা কৰি কোনো পোষ্ট কৰা নাই। ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা মতে বৰুণ বৰ্তমান পৰিয়াল আৰু নতাশাক লৈ ব্যস্ত। অনুৰাগীসকলে অপেক্ষা কৰি আছে কেতিয়া দম্পতীহালে নিজাববীয়াকৈ এই ভাল খবৰটো প্ৰকাশ কৰিব।
২০২১ চনৰ ২৪ জানুৱাৰীত বৰুণে ফেশ্বন ডিজাইনাৰ নাটাশা দলালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু বহুতে হয়তো নাজানে, নাটাশাই আৰম্ভণিতে বৰুণৰ লগত সম্পর্ক গঢ়িবলৈ ইচ্ছুক নাছিল। বৰুণে কেইবাবাৰো প্ৰস্তাৱ আগবঢ়াইছিল। ইয়াৰ পিছত অৱশেষত নাটাশা মান্তি হয় ৷ এটা সাক্ষাৎকাৰত অভিনেতাজনে কয়, ‘তেওঁ মোক তিনি-চাৰিবাৰ নাকচ কৰিছিল ৷ কিন্তু মই হাৰ নামানিলো।” তিনি বছৰ পূৰ্বে সাছৱান হ্ৰদৰ সমীপৰ আৰব সাগৰৰ উপকূলৰ আলিবাগ নামৰ এখন ৰিজ’ৰ্টত দুয়োৰে মাজত এক পৰিপক্ক সম্পৰ্ক গঢ় লৈ উঠিছিল।