নেচনেল টেষ্টিং এজেন্সিয়ে অনুষ্ঠিত কৰা ২০২৪ বর্ষৰ নীট ইউজি পৰীক্ষাৰ ফলাফল মঙলবাৰে ঘোষণা কৰে। যোৱা ৭ মে’ত অনুষ্ঠিত এই পৰীক্ষাৰ ফলাফল এন টি এব ৱেবছাইট exams.nta.ac.inত উপলব্ধ হৈছে। এই ফলাফলত ৬৭ পৰীক্ষার্থীয়ে ৭২০ নম্বৰৰ ভিতৰত ৭২০ নম্ববেই লাভ কৰি অভিলেখ সৃষ্টি কৰিছে। এশ শতাংশ নম্বৰ লাভ কৰা এই পৰীক্ষাৰ্থীসকলৰ ভিতৰত চৈধ্যগৰাকী ছাত্রী বুলি প্রকাশ পাইছে।এই পৰীক্ষাত ৭১০ নম্ববেবে উত্তৰ-পূবৰ ছাত্রী পৰীক্ষার্থীৰ ভিতৰত শীর্ষস্থান লাভ কৰে গুৱাহাটীৰ ত্ৰিশিতা কাকতিয়ে ৷
উল্লেখ্য যে এইবাৰৰ পৰীক্ষাত অমিনা আবিফ কাদিবালাই প্রথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। এইবাৰৰ পৰীক্ষাত মুঠ ৯,৯৬,৩৯৩ ছাত্র আৰু ১৩,৩১,৩২১ ছাত্রীৰ লগতে ১৭ গৰাকী তৃতীয় লিংগৰ পৰীক্ষার্থী অবতীর্ণ হৈছিল। দেশব ৫৫৭ চহৰৰ লগতে বিদেশৰো ১৪ খন চহৰত চলিত বৰ্ষৰ নীট পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল।
এইবাৰৰপৰীক্ষাৰ বাবে ২৪ লাখবো অধিক ছাত্র-ছাত্রীয়ে প্র- পত্র পূৰণ কৰিছিল। বিগত বর্ষব তুলনাত এইবাৰ প্ৰ- পত্ৰ পূৰণ কৰা শিক্ষার্থীর সংখ্যা ১৫ শতাংশৰো অধিক আছিল। এই পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত ২০২৪ বর্ষব মেডিকেলৰ স্নাতক মহলাত নামভর্তি প্রক্রিয়া আৰম্ভ হ’ব। ।