গৰম বতৰত শৰীৰ বিশেষকৈ পেট ঠাণ্ডা কৰি ৰখাত জাতিলাউয়ে সহায় কৰে। বিভিন্ন ব্যঞ্জনেই নহয়, শৰীৰৰ কথা আহিলে আটাইতকৈ ফলপ্ৰসূ হ’ল জাতিলাউৰ ৰস। বিশেষকৈ যিসকলে দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছে তেওঁলোকৰ বাবে জাতিলাউ এটা বাদ দিব নোৱাৰা পাচলি ৷ এই প্ৰসংগত পুষ্টিবিদসকলে কয় যে প্ৰতিদিনে জাতিলাউ খালে তেজৰ শর্কৰাৰ মাত্ৰা প্ৰত্যক্ষভাৱে হ্ৰাস পাব, কিন্তু সেয়া নহয়। বৰং জাতিলাউৱে তেজৰ শর্কৰাৰ মাত্ৰা বৃদ্ধি নকৰে। তদুপৰি মধুমেহ ৰোগৰ কাৰণে শৰীৰৰ আন অংগসমূহ যাতে প্ৰভাৱিত নহয় সেয়াও নিশ্চিত কৰে জাতিলাউৱে ৷
জাতিলাউয়ে কেনেকৈ তেজৰ শর্কৰা নিয়ন্ত্ৰণত ৰাখে?
১)জাতিলাউৰ ৰসত কেলৰি নাথাকে। গতিকে এই পাচলি ডায়েবেটিছ ৰোগীৰ বাবে নিৰাপদ। আকৌ, স্বাস্থ্য সচেতন আৰু ওজনৰ প্ৰতি চিন্তিত লোকৰ বাবেও লাউ ভাল।
২)জাতিলাউত আঁহৰ পৰিমাণ বেছি। কোষ্ঠকাঠিন্য নিৰাময়ত সহায় কৰে। দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰত কোষ্ঠকাঠিন্য বেছিকৈ দেখা দিয়ে। নিয়মিতভাৱে জাতিলাউ খালে এই সমস্যা সহজে দূৰ কৰিব পাৰি।
৩) বহুদিন ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ থাকিলে মূত্ৰাশয় বা বৃক্কৰ জটিলতা আহিব পাৰে। বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে বৃক্কৰ ভাল কাৰ্য্যক্ষমতা আৰু স্বাস্থ্য বজাই ৰখাত জাতিলাউৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
৪) ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ শৰীৰত বহুতো ৰোগৰ উৎস। যেতিয়া কোনোবা এজনৰ শৰীৰত দুটা ৰোগে শিপাই যায় তেতিয়া আন জটিলতাও বাঢ়িবলৈ আৰম্ভ কৰে। নিয়মিতভাৱে জাতিলাউৰ ৰস সেৱন কৰিলে কেৱল ডায়েবেটিছেই নহয়, হৃদযন্ত্ৰৰ সমস্যাও নিয়ন্ত্ৰণ কৰিব পাৰি। কাৰণ, লাউত পটাছিয়াম থাকে।
৫) হৃদযন্ত্ৰৰ সমস্যাৰ আন এটা প্ৰধান কাৰণ হ’ল ‘বেয়া’ কলেষ্টেৰল। বিভিন্ন গৱেষণাৰ মতে, জাতিলাউৰ ৰসেও এই বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে।