সময়ৰ লগে লগে কিতাপ পঢ়াৰ অভ্যাসও সলনি হৈছে। এতিয়া বহুতে অনলাইনত কিতাপ পঢ়ি ভাল পায় । বহুতে নিয়মিতভাৱে ই-বুক পঢ়ে। কিন্তু এতিয়াও বহুতো কিতাপ প্ৰেমী আছে, যিসকলে হাতত কিতাপ এখন লৈ পঢ়িবলৈ অধিক আৰাম অনুভৱ কৰে । দিনটোত এবাৰ হ’লেও কিতাপ এখন পঢ়িবলৈ নাপালে তেওঁলোকৰ বাবে দিনটো আধৰুৱা হৈয়েই থাকে। কিতাপবোৰ বহু লোকে ঘৰত শাৰী শাৰীকৈ সজাই ৰাখে ৷ কিতাপ ভালপোৱা আৰু যত্ন লোৱা একে কথা নহয়। পঢ়ি ভাল পালেও সকলোৱে কিতাপ সঠিকভাৱে ৰাখিব নোৱাৰে ৷ ফলত যত্নৰ অভাৱত বহু কিতাপ নষ্ট হৈ যায়। কেনেকৈ ৰাখিলে কিতাপ নষ্ট নহ’ব?
১) বহু ঘৰত সেমেকি থকাৰ সমস্যা থাকে। কিতাপবোৰ আৰ্দ্ৰতাৰ পৰা ৰক্ষা কৰিবলৈ মাজে মাজে ৰ’দত ৰখাটো প্ৰয়োজনীয়। বেলকনিতেই হওক বা ছাদত হওক, মাজে মাজে ৰ’দত কিতাপ ৰাখক।
২) কিতাপবোৰ পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ কিতাপৰ পৃষ্ঠাৰ ভাঁজত নিম পাত বা শুকান জলকীয়া ৰাখিব পাৰে। কিতাপতপোক-পৰুৱা ধৰাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰে। ইয়াৰ বাহিৰেও কিতাপৰ আলমাৰীত এখন কাগজত মেৰিয়াই এটুকুৰা কৰ্পূৰ আৰু কিছু গোটা জলকীয়া ৰাখিব পাৰে।
৩) কিতাপৰ আলমাৰীত নেফ্থালিন ৰাখিবলৈ নাপাহাৰিব ৷ নেফ্থালিনৰ প্ৰচণ্ড গোন্ধৰ ফলত পোক-পৰুৱা নোহোৱা হ’ব ৷ কিতাপৰ আলমাৰীত প্ৰায়ে বেয়া গোন্ধ ওলায়, নেফথালিন যোগ কৰিলে এনে গোন্ধ আঁতৰি যাব।
৪) বহুতে কিতাপত জিল লগাভলৈ ভাল নাপায়। কিন্তু কিতাপত জিল লগালে বহুদিন ভালে থাকে ৷
৫) আপুনি পঢ়ি থকা কিতাপখনৰ পৃষ্ঠাটো মনত ৰাখিবলৈ পৃষ্ঠা ভাঁজ কৰাৰ পৰিৱৰ্তে বুকমাৰ্ক ব্যৱহাৰ কৰক।