আজি বৰঝাৰ বিমান বন্দৰৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান বৰঝাৰ এম ই এচ ইংৰাজী হাইস্কুলৰ পৰা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক এগৰাকী অৱসৰপ্ৰাপ্ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ উদ্যোগত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । গুৱাহাটী এয়াৰপোৰ্ট স্কুলৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা আজাৰা সাহিত্য সভাৰ উপ-সভাপতি, সুলেখিকা বুলু কুমাৰী বড়াৰ সম্পূৰ্ণৰূপে নিজা ঐকান্তিক প্ৰচেষ্টাত অনুষ্ঠিত এই অনুষ্ঠানত অংশ লৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা কবি, সাংবাদিক দীপক শৰ্মাই কয়- “মানৱদৰদী, বহুমুখী প্ৰতিভাৰ গৰাকী অৱসৰী শিক্ষয়িত্ৰী বুলু কুমাৰী বড়া সকলোৰে বাবে পাথেয় হওঁক ।
তেখেতে গাঁঠিৰ ধন ভাঙি এখন শিক্ষানুষ্ঠানৰ কৃতী বিদ্যাৰ্থীক সম্বৰ্দ্ধনা জনাবলৈ আগবাঢ়ি আহিছে । যিখন বিদ্যালয়ত অতি দুখীয়া ঘৰৰ বিদ্যাৰ্থী নিম্ন মাচুলৰ বিনিময়ত পঢ়ি আছে ।” লেখক শ্ৰীশৰ্মাই নিজৰ ভাষণত আৰু কয়- “বিদ্যালয়খনৰ শিক্ষাগুৰুসকলৰ যথোযিত কষ্ট, নামমাত্ৰ পাৰশ্ৰমিক লৈ সেৱা যি সেৱা আগবঢ়াই আহিছে, সেইয়া সমাজ জীৱনৰ বাবে অনন্য ।” সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক মৃদুপৱন বৰুৱাই বক্তব্য দাঙি ধৰি বুলু কুমাৰী বড়া বাইদেউৰ ব্যক্তিত্বৰ শলাগ লয় । বিদ্যালয়ৰ অধ্যক্ষা পিংকি গগৈ বৰুৱাই আঁত ধৰা অনুষ্ঠানত বিদ্যালয়খনিৰ শিক্ষক- শিক্ষয়িত্ৰীক্ৰমে ৰাণাৱতী সিং, দীপিকা মালাকৰ, অনিতা গোস্বামী, কণিকা দাস, প্ৰতিমা বিশ্বাস, নন্দিতা দাস, উৎপল দে’, নয়ন কাকতিয়ে বক্তব্য দি অৱসৰী শিক্ষয়িত্ৰী বুলু কুমাৰী বড়া আৰু সাহিত্যিক দীপক শৰ্মাৰ সুখ-শান্তিৰ লগতে দীৰ্ঘায়ু জীৱন কামনা কৰি তেওঁলোকৰ বদান্যতা, নিস্বাৰ্থ প্ৰেম, সৰু-সৰু মানুহক প্ৰতি দায়বদ্ধতাক শলাগ লয় । অনুষ্ঠানত কৃতী বিদ্যাৰ্থী ভাৰ্গৱী শৰ্মা, পূজা দাস, নেইনা গিৰিক ফুলাম গামোচা, নগদ ধন, কলমেৰে সম্বৰ্দ্ধনা জনোৱা হয় ।