ভাৰতৰ অন্যতম ‘মিডিয়া বেৰন’ তথা ইটিভি নেটৱৰ্ক আৰু ৰামোজী ফিল্ম চিটিৰ মুৰব্বী ৰামোজী ৰাওৰ দেহাৱসান ঘটিছে । শুকুৰবাৰে নিশা হায়দৰাবাদত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। উচ্চ ৰক্তচাপ আৰু উশাহ-নিশাহৰ সমস্যাৰ বাবে যোৱা ৫ জুনত হায়দৰাবাদৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৰামোজী ৰাওক। তেতিয়াৰ পৰাই তেওঁ তাত চিকিৎসাধীন হৈ আছিল।
উল্লেখ্য যে তেওঁৰ ‘ৰামোজী ফিল্ম চিটি’ বিশ্বৰ সৰ্ববৃহৎ চিনেমা চেট। এই শীৰ্ষ ব্যৱসায়ীজনৰ ‘উষাকিৰণ মুভিজ’ নামৰ এটা প্ৰডাকচন কোম্পানীও আছিল। তেওঁ বিভিন্ন ভাষাত ছবি নিৰ্মাণ কৰিছে। লগতে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰে।
ৰামোজী ৰাওৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বিভিন্ন শ্ৰেণীৰ লোকে। তেওঁৰ মৃত্যুত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও শোকপ্ৰকাশ কৰিছে ৷ তেলেগু সংবাদ মাধ্যম আৰু মনোৰঞ্জন জগতলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ কথাও বহুতে উল্লেখ কৰিছে। বিজেপিৰ জ্যেষ্ঠ নেতা জি কিষাণ ৰেড্ডী এক্সে (প্ৰাক্তন টুইটাৰ) নিজৰ হেণ্ডেলত শোক প্ৰকাশ কৰি লিখিছে, ‘ৰামোজী ৰাওৰ মৃত্যুত দুখী। তেলেগু সংবাদ মাধ্যমলৈ তেওঁৰ উল্লেখযোগ্য অৱদান প্ৰশংসনীয়। তেখেতৰ পৰিয়ালৰ সদস্যলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ।