জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে নিৰ্বাচন আয়োগে। তাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰতীক চিহ্নৰ আৱেদন গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। শুকুৰবাৰে এক প্ৰেছ বিবৃতিৰ জৰিয়তে আয়োগে এই কথা প্ৰকাশ কৰে।
আয়োগৰ অধিসূচনাত কোৱা হৈছে -, “জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰতীক (সংৰক্ষণ আৰু আবণ্টন) আদেশ, ১৯৬৪”ৰ ১০বি ধাৰা অনুসৰি প্ৰতীক আবণ্টনৰ বাবে আবেদন গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্ত শীঘ্ৰে কাৰ্যকৰী কৰা হ’ব।“
কিছুদিন পূৰ্বে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে জম্মু-কাশ্মীৰত অতি সোনকালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাত থকা লোকসভা সমষ্টিসমূহত ভোটাৰৰ ভোটদানে স্থানীয় বাসিন্দাসকলৰ নিৰ্বাচনৰ প্ৰতি থকা উৎসাহক প্ৰমাণ কৰিলে। গতিকে আয়োগে বিধানসভা নিৰ্বাচন ক্ষিপ্ৰতাৰে আয়োজন কৰিবলৈও আগ্ৰহী।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব লাগে। প্ৰথমতে ভবা হৈছিল যে আয়োগে লোকসভাৰ সমান্তৰালকৈ জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ সময়সূচীও ঘোষণা কৰিব। কিন্তু নহ’ল। নিৰ্বাচনৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰত ততাতৈয়াকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও কয়। ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলিও তেওঁ কয়।
অবিভক্ত ৰাজ্য জম্মু-কাশ্মীৰত শেষবাৰৰ বাবে ২০১৪ চনৰ নৱেম্বৰ-ডিচেম্বৰ মাহত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ আগষ্ট মাহত নৰেন্দ্ৰ মোডী চৰকাৰে ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ বিশেষ অধিকাৰ বাতিল কৰিছিল। তাৰ তিনি বছৰ আগতে অৱশ্যে ৰাজনৈতিক অচলাৱস্থাৰ বাবে বিধানসভা ভংগ কৰা হয়। এতিয়ালৈকে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱা নাই। আনহাতে, লোকসভাৰ ৫টা সমষ্টিৰ ভোটদানৰ হাৰত আয়োগে সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁলোকৰ পৰিসংখ্যা অনুসৰি জম্মুত ৫৮.৫৮ শতাংশ আৰু উপত্যকা অঞ্চলত ৫১.০৫ শতাংশ ভোটদান হৈছে ৷বিধানসভা নিৰ্বাচনৰ তাৰিখ কেতিয়া ঘোষণা কৰা হ’ব সেয়া সময়েহে ক’ব।