দৈনিক সুষম খাদ্যৰ ভিতৰত চাউল, দালি আৰু শাক-পাচলি অন্যতম। বিশেষকৈ দাইল আমাৰ প্ৰতিসাজ খাদ্যৰে অন্যতম অংশ ৷ কিন্তু জানেনে, এই দাইল ৰন্ধা এটা শুদ্ধ উপায় আছে? যদি দাইল প্ৰেচাৰ কুকাৰত বেছি পানীৰে সিজোৱা হয় বা বেছি পানীত বেছি সময় সিজোৱা হয়, তেন্তে ইয়াৰ পুষ্টিকৰ মূল্য নাইকিয়া হয়। সেই দাইল খালে কোনো লাভ নহয় । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)ৰ তথ্য অনুসৰি দাইল কেনেকৈ ৰান্ধিব ? যাৰ বাবে ইয়াৰ পুষ্টি মূল্য অক্ষুণ্ণ থাকিব, সকলো ভিটামিন, প্ৰটিন আৰু খনিজ পদাৰ্থ সঠিক পৰিমাণত শৰীৰত প্ৰৱেশ কৰিব।
ঢাকি ৰান্ধিব
দাইল অতিমাত্ৰা উতলাব নালাগে। আইচিএমআৰৰ নিৰ্দেশনা অনুসৰি, প্ৰচুৰ পৰিমাণে পানী দি কেৰাহী হওক বা প্ৰেচাৰ কুকাৰত হওক, দীৰ্ঘ সময়ৰ বাবে দাইল উতলালে প্ৰটিন নষ্ট হয়।
অতিমাত্ৰা ৰান্ধিলে কি হ’ব?
দাইল অতিমাত্ৰা সিজালে ইয়াত থকা এমিনো এচিড লাইচিন ধ্বংস হয়। লগতে যদি প্ৰেচাৰ কুকাৰত দাইল অতিমাত্ৰা সিজোৱা হয় তেন্তে ইয়াত থকা ফাইটিক এচিডৰ ঘনত্ব কমি যায়। তদুপৰি দাইল অতিমাত্ৰা ৰান্ধিলে কেলচিয়াম, মেগনেছিয়াম, আইৰণ, জিংক আদি খনিজ পদাৰ্থৰ ভাৰসাম্যহীন হ’ব পাৰে। তেতিয়া সেই দাইল খালে কোনো ধৰণৰ পুষ্টি নাপায়।
কিমান পানী দিব লাগে?
আইচিএমআৰৰ মতে একাপ দাইল জুখি দুকাপ পানী দিব লাগে। প্ৰথমতে যদি অধিক পানী যোগ কৰে, তেন্তে পানীখিনি বহু সময় উতলাব লাগে। বহুতে দাইল অধিক পানী দি উতলাই অতিৰিক্ত পানী পেলাই দিয়ে। সেইটোও ঠিক নহয়। আইচিএমআৰৰ মতে সিজোৱা দাইলৰ পৰা পানী পেলাই দিলে তাৰ লগত দাইলৰ ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি নোহোৱা হয় ৷