মেডিকেল এণ্ট্ৰেন্স টেষ্ট নীটত “অতিৰিক্ত নম্বৰ”’ বা ‘গ্ৰেচ মাৰ্ক’ পোৱা প্ৰাৰ্থীৰ নম্বৰ বাতিল কৰা হ’ব। কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত কয় যে তেনে শিক্ষার্থীক আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হ’ব।
অল ইণ্ডিয়া মেডিকেল এণ্ট্ৰেন্স টেষ্ট নীটত ৬৭ জন লোকে একেলগে প্ৰথম স্থান দখল কৰাৰ লগে লগে সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হয়। পিছত পোহৰলৈ আহে যে প্ৰশ্নকাকত আৰু কিছুমান পৰীক্ষা কেন্দ্ৰত সময়ৰ সমস্যাৰ বাবে ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীক অতিৰিক্ত নম্বৰ দিয়া হৈছিল। কিন্তু যেতিয়া ৰেংকিঙৰ বিতৰ্ক পোহৰলৈ আহিল, তেতিয়া বিভিন্ন মহলে এই অতিৰিক্ত নম্বৰৰৰ যুক্তিযুক্ততাক লৈ প্ৰশ্ন উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী ৰাজনৈতিক দলসমূহে কেন্দ্ৰৰ বিৰুদ্ধে আন্দোলন কৰে। ইয়াক লৈ উচ্চতম ন্যায়ালয়তো আৱেদন দাখিল কৰা হয়। সেই গোচৰত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ উত্তৰ বিচাৰিছিল। বৃহস্পতিবাৰে শপতনামাযোগে কেন্দ্ৰই কয় যে শিক্ষার্থীক দিয়া অতিৰিক্ত নম্বৰ প্ৰত্যাহাৰ কৰা হ’ব ৷
১৫৬৩ গৰাকী নীট প্ৰাৰ্থীক প্ৰদান কৰা অতিৰিক্ত নম্বৰ প্ৰত্যাহাৰ কৰা হ’ব বুলি উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই জনাইছে। তাৰ পৰিৱৰ্তে তেওঁলোকক পুনৰ পৰীক্ষা দিয়াৰ সুযোগ দিব। যিসকলে এই পৰীক্ষা দিব বিচাৰে, তেওঁলোকে ২৩ জুনত এই পৰীক্ষা দিব লাগিব। পৰীক্ষাৰ স্বচ্ছতা বজাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে বুলি কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জানিবলৈ দিয়ে।
কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে এই ১৫৬৩গৰাকী প্ৰাৰ্থীৰ ফলাফল পুনৰীক্ষণৰ বাবে এখন কমিটী গঠন কৰা হৈছে। সেই কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই ১৫৬৩ জন প্ৰার্থীৰ ফলাফল বাতিল কৰা হ’ব বুলি জানিবলৈ দিয়ে। ২৩ জুনত তেওঁলোকক পুনৰ পৰীক্ষা দিয়াৰ সুযোগ দিয়া হ’ব। সেই পৰীক্ষাৰ ফলাফল অহা ৩০ জুনত ঘোষণা কৰা হ’ব। এমবিবিএছ, বিডিএছ আৰু অন্যান্য চিকিৎসা পাঠ্যক্ৰমৰ বাবে ৬ জুলাইৰ পৰা নামভৰ্তিৰ কাউন্সেলিং আৰম্ভ হ’ব।
অৱশ্যে দুটা বিষয়ত কেন্দ্ৰৰ বক্তব্যক লৈ প্ৰশ্ন উত্থাপন হয়। প্ৰথমতে, মেডিকেল প্ৰৱেশ পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ৬৭ জনৰ কোনো এজনেও ‘অতিৰিক্ত নম্বৰ’ পোৱা নাছিল বাবে তেওঁলোকৰ স্থানক লৈ কোনো বিতৰ্ক নাই নেকি? দ্বিতীয়তে, যেতিয়া বিকল্প হিচাপে সেই ১৫৬৩ জন পৰীক্ষাৰ্থীক পুনৰ পৰীক্ষা দিয়াৰ সুযোগ দিয়া হ’ব, তেতিয়া কোনোবাই ইচ্ছা কৰিলে পৰীক্ষাত অৱতীৰ্ণ নোহোৱাৰ সুযোগ দিয়া হ’বনে ? তেনে ক্ষেত্ৰত অতিৰিক্ত নম্বৰ বাদ দিয়াৰ পিছত তেওঁলোকে পোৱা নম্বৰৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ ৰেংকিং হ’বনে? কেন্দ্ৰই এই কথা স্পষ্টকৈ কোৱা নাই।
মন কৰিবলগীয়া যে এই অল ইণ্ডিয়া মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাৰ কাউন্সেলিঙৰ তাৰিখ ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে অৱশ্যে বৃহস্পতিবাৰে এই প্ৰক্ৰিয়াত স্থগিতাদেশ জাৰি কৰা নাছিল। বৰঞ্চ পূৰ্বনিৰ্ধাৰিত সময় অনুসৰণ কৰা হ’ব বুলি আদালতে কয়। পৰীক্ষা পুনৰাবৃত্তি হ’লেও কোনো বাধা নাথাকিব। নীট পৰীক্ষাৰ সৈতে জড়িত সকলো আবেদনৰ শুনানি অহা ৮ জুলাইৰ পৰা আৰম্ভ হ’ব।