দেশজুৰি দীৰ্ঘদিন ধৰি চলি থকা দেৱানী গোচৰসমূহৰ শীঘ্ৰে নিষ্পত্তি কৰিব বিচাৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ সূত্ৰ অনুসৰি, তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ গোচৰৰ বোজা হ্ৰাস আৰু ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে বিশেষ লোক আদালত স্থাপন কৰা হ’ব। ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ ৬ দিন উচ্চতম ন্যায়ালয়ত বহিব লোক আদালত। দেশৰ সকলো উচ্চ ন্যায়ালয়ৰ আইনী সেৱা কৰ্তৃপক্ষৰ সহায়ত গোচৰৰ সৈতে জড়িত বাদী আৰু প্ৰতিবাদীসকলে তাত আবেদন কৰিব পাৰে। দশক দশক আগৰ গোচৰৰ শুনানিও বিশেষ লোক আদালতত কৰা হ’ব।
দেৱানীকে ধৰি এনে বহু গোচৰ বছৰ বছৰ ধৰি উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। সেই গোচৰবোৰৰ কিছুমান পুনৰ আদালতত শুনানিৰ বাবে উত্থাপন নহয়। দৈনিক বিচাৰৰ বাহিৰেও সেই গোচৰসমূহ নিষ্পত্তিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে সকলো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সৈতে এক বৈঠকত মিলিত হয়। তাত কোৱা হৈছে, যে বিশেষ লোক আদালতে দেৱানীকে ধৰি বিভিন্ন ধৰণৰ গোচৰ নিষ্পত্তি কৰিব। ইচ্ছুক বিবাদীয়ে তাত আবেদন কৰিব পাৰে। ইয়াৰ বাহিৰেও উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকা বহু পুৰণি গোচৰৰ তালিকা উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা হৈছে। কোৱা হৈছে যে উচ্চ ন্যায়ালয়ৰ আইনী সেৱা কৰ্তৃপক্ষই সেই গোচৰসমূহৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে যোগাযোগ কৰি বিশেষ লোক আদালাতৰ বিষয়ে তেওঁলোকক অৱগত কৰিব লাগে।
সাধাৰণতে বহু গোচৰ লোক আদালতত দীৰ্ঘদিনীয়া আইনী প্ৰক্ৰিয়াৰ অন্তত দুয়োপক্ষৰ সন্মতি সাপেক্ষে বিচাৰ কৰা হয়। এই লোক আদালতত এজন ন্যায়াধীশ নিযুক্তি দিয়া হয়। যিহেতু ই বিচাৰৰ কাম সহজ কৰি তোলে, সেয়েহে ইয়াৰ দ্বাৰা বিবাদীসকলো উপকৃত হয়।