বিশ্বৰ বিভিন্ন ঠাইৰ লগতে ভাৰতৰ লক্ষ লক্ষ মানুহে হোৱাটছএপ ব্যৱহাৰ কৰে। কাৰোবাক কোনো বাৰ্তা প্ৰেৰণ কৰা ক্ষেত্ৰত হোৱাটছ এপৰ কথাই প্ৰথম মনলৈ আহে। আনহাতে এই কোম্পানীয়ে নিতৌ নতুন নতুন সুবিধা আগবঢ়াই আহিছে গ্ৰাহকৰ বাবে।
দেখা যায় যে কেতিয়াবা ভুলতেই হঁওক বা অসাৱধানবশতঃই হঁওক , নজনাকৈ কাৰোবালৈ মেছেজ গুচি যায়। কিন্তু হোৱাটছএপৰ নতুন সুবিধা মতে নিৰ্দিষ্ট সময়ৰ ভিতৰত এই ধৰণৰ মেছেজ ডিলিট কৰিব পাৰি। কিন্তু বহুতো লোকে হয়তো এই কথা নাজানে যে নিৰ্ধাৰিত সময়ৰ পাছতো আচলতে মেছেজ ডিলিট কৰিব পৰা যায়।
হোৱাটছএপত কোনো মেছেজ ডিলিট কৰাৰ নিৰ্ধাৰিত সময় এক ঘন্টা। এই সময়ৰ ভিতৰত মেছেজ নোহোৱা কৰি দিলে যাৰ মোবাইললৈ মেছেজ গৈছে তেঁও চাব নোৱাৰে। কিন্তু এই এক ঘন্টাৰ সময় উকলি যোৱাৰ পাচতো বিশেষ এক পদ্ধতিৰ সহায়ত মেছেজ ডিলিট কৰিব পৰা যায়, য’ত বাৰ্তা বাহক জনে মেছেজ দেখা নাপায়।
নিৰ্ধাৰিত সময় উকলি যোৱাৰ পাচতো কিদৰে মেছেজ ডিলিট কৰি ইটো মূৰত থকা লোকজনে চাব নোৱাৰা কৰিব পাৰি সেই বিষয়ে উল্লেখ কৰা হ’ল-
- প্ৰথমতে ফোনটো ফ্লাইট মোড ত ৰাখিব লাগিব।
- ইয়াৰ পাছত হোৱাটছএপ আইকণটো কিছু সময় ধৰি টিপি ৰাখিব লাগিব।
- ইয়াৰ পাছত কেইবাটাও অপচন দেখা যাব , য’ত তাৰ ভিতৰত app info option ত যাব লাগিব।
- সেই অপচনৰ Force Stop বা Force Close ত ক্লিক কৰিব লাগিব।
- ইয়াৰ পাচত ফোনৰ তাৰিখ আৰু সময় সলনি কৰিব লাগিব। এই ক্ষেত্ৰত phone’s settings লৈ গৈ মেছেজ যোৱাৰ সময়তকৈ এক ঘন্টা আগত মিলাই তাৰিখ আৰু সময় সলনি কৰিব লাগিব।
- ইয়াৰ পাছতে হোৱাটছএপলৈ গৈ ডিলিট কৰিব বিচৰা মেছেজটো ‘‘Delete For Everyone” কৰি নোহোৱা কৰি দিব পৰা যায়।
উল্লেখযোগ্য যে এই পদ্ধতিৰে মেছেজ ডিলিট কৰাৰ পাছত মোবাইলৰ সময় আৰু তাৰিখ আকৌ আগৰ দৰে সঠিকভাৱে দিব পৰা যায় আৰু ফোনটোও ফ্লাইট মোডৰ পৰা নৰ্মেল মোডলৈ আনিব পৰা যায়।