পুৱা চকু মেলি বহুতে প্ৰথম মোবাইল ডাটা অন কৰা। আৰু সেইটো কৰাৰ লগে লগে হোৱাটছএপ, অফিচৰ মেইল, ছ’চিয়েল মিডিয়াৰ নোটিফিকেচন এটা এটাকৈ আহিবলৈ আৰম্ভ কৰে। সকলোবোৰ পৰীক্ষা কৰিবলৈ গৈ পুৱাটো জটিলতাৰে আৰম্ভ হয়। পুৱাই এই কামবোৰ কৰি আপুনি আত্মতুষ্টি অনুভৱ কৰিব পাৰে। কিন্তু অজানিতে ই গোটেই দিনটোৰ কামত ব্যাঘাত জন্মায়। লগতে চকুৰ ক্ষতি কৰে ৷ জীৱনটোও প্ৰভাৱিত হয়।
১) পুৱা চকু নোধোৱাকৈ ফোন ৰিচিভ কৰিব নালাগে। ফোনটোৰ পৰা অহা নীলা পোহৰ আপোনাৰ চকুৰ বাবে অতি ক্ষতিকাৰক। মোবাইলৰ পৰা নিৰ্গত ৰশ্মিয়ে চকুত গুৰুতৰ প্ৰভাৱ পেলায়। গোটেই দিনটো মূৰৰ বিষৰ দৰে লক্ষণ দেখা দিব পাৰে।
২)চকুৰ সমস্যাৰ লগে লগে কামতো ব্যাঘাত জন্মে। যদি আপুনি ৰাতিপুৱা সাৰ পাই দিনটোৰ বাবে আপোনাৰ কৰিবলগীয়া কামৰ তালিকাৰ কথা চিন্তা কৰে, বা ছ’চিয়েল মিডিয়াত আপোনাৰ চৌপাশৰ মানুহৰ কাম-কাজৰ বিষয়ে খবৰ ৰাখিবলৈ আৰ তেন্তে ই আপোনাৰ মানসিক স্থিতি অৱনমিত কৰে । এই খবৰবোৰে আপোনাৰ অস্থিৰতা বৃদ্ধি কৰে। কোনো কামত মনোযোগ দিব নোৱাৰা হৈ পৰিব ৷
৩) পুৱা মোবাইলৰ পৰা পোৱা বাতৰিয়ে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। আৰু যদি ৰাতিপুৱাটো অত্যধিক মানসিক চাপেৰে আৰম্ভ হয়, তেন্তে সেই চিন্তাই গোটেই দিনটো আপোনাক মানসিকভাৱে ভাৰাক্ৰান্ত কৰিব পাৰে ৷