বিগত বৰ্ষ বোৰৰ দৰে এই বছৰো ‘পিয়’ৰ এনভাইৰণমেণ্ট ফৰ ৱাইল্ডলাইফ’ চমুকৈ ‘পু এন ফ’ ৱাইল্ড’ৰ উদ্যোগত আৰু অসম বিজ্ঞান সমিতি , ঢকুৱাখনা শাখা, মেগামিক্স প্ৰকৃতি সংঘ আৰু অসম বিজ্ঞান সমিতি, মহিলা কোষ ঢকুৱাখনা শাখাৰ সহযোগত প্ৰতিবছৰৰ দৰে এইবছৰো অহা ৪ জুলাইৰ পৰা ৭ জুলাইলৈ আৱাসিক প্ৰকৃতি শিবিৰৰ আয়োজন কৰা হৈছে।
পৰিৱেশ বিষয়টো কেৱল কিতাপৰ মাজতে সীমাবদ্ধ নহয় । পৰিৱেশ বিষয়টো জানিবলৈ, বুজিবলৈ হ’লে আমি ইয়াৰ ওপৰত পুংখানুপুংখ ভাৱে অধ্যয়ন কৰিব লাগিব লগতে পৰিৱেশক ওচৰৰ পৰা অনুধাৱন কৰিবলৈ হ’লে পৰিৱেশৰ মাজত নিজেই থাকি সময় অতিবাহিত কৰিব লাগিব ।
বৰ্তমান সময়ত আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বিষয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলে নাইবা নিজৰ সন্তানৰ বিষয়ে অভিভাৱক সকলে কোৱা শুনা যায় যে আজিকালি ইন্টাৰনেট,ম’বাইল, লেপটপ আদিত অধিক সময় দিয়াৰ বাবে ছাত্ৰ-ছাত্ৰী সকলে আমাৰ ধুনীয়া পৰিৱেশটোৰ সৈতে ক’ৰবাত নহয় ক’ৰবাত একাত্ম হ’ব পৰা নাই যেন অনুভৱ হয়।
সেয়েহে নৱ-প্ৰজন্মৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁলোকে পৰিৱেশ বিষয়ক কথাবোৰ ওচৰৰ পৰা অনুভৱ কৰিবলৈ আৰু আমাৰ ছাত্ৰ-ছাত্ৰী সকলক আমাৰ ধুনীয়া পৰিৱেশটোৰ সৈতে একাত্ম কৰিব পৰাকৈ এটা পৰিৱেশ গঢ়ি দিবৰ বাবে বিগত বৰ্ষ বোৰৰ দৰে এই বছৰো আয়োজন কৰা হৈছে এই আৱাসিক প্ৰকৃত শিবিৰ ।
এই শিবিৰত অসমৰ বিভিন্ন ঠাইৰ বিশিষ্ট ব্যক্তিসকলে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত থাকি মত বিনিময় কৰিব । য’ত থাকিব পৰিৱেশ সজাগতা, ট্ৰেকিঙৰ আদি পাঠ, বিশ্বাস-অন্ধবিশ্বাস আৰু নতুন বাটেৰে জীৱনমুখী এক যাত্ৰা ( মহিলা আৰু বিজ্ঞান), বন্যপ্ৰাণী উদ্ধাৰ আৰু চিকিৎসা, পক্ষী নিৰীক্ষণ, যাদু আৰু বিজ্ঞান, নদী আৰু মানুহ, পৰ্বত-পাহাৰ আৰু মোৰ স্বাস্থ্য, বিহু গীতত পৰিৱেশ আৰু বিজ্ঞান, লোক সংস্কৃতিৰ সুৰীয়া গোন্ধ, জৰুৰীকালীন সময়ত ল’ব লগা সাৱধানতা আৰু তাৎক্ষণিক চিকিৎসা, পৰিৱেশৰ প্ৰতি কৃতজ্ঞতা, পৰিৱেশ তন্ত্ৰৰ অধ্যয়ন আদিকে ধৰি বহুতো আলোচ্য বিষয়বস্তু ।
নতুন প্ৰজন্মক পৰিৱেশৰ সৈতে একাত্ম হৈ যদি এক সুন্দৰ সময় উদযাপন কৰিবলৈ দিব বিচাৰিছে বা ধুনীয়া পৃথিৱী খনৰ সৈতে চিনাকি কৰাই দিবলৈ বিচাৰিছে তেন্তে অভিভাৱক সকলে নিজৰ সন্তানক পঠিয়াব পাৰে এই আৱাসিক প্ৰকৃতি শিবিৰলৈ ।
সবিশেষ জানিবলৈ যোগাযোগ কৰিব পাৰে – 8822021933, 6000573345, 8812097716 ম’বাইল নম্বৰত ।