বহুতে গছ ভাল পায়। কিন্তু ঘৰত এজোপা গছ ৰোপণ কৰাটো কেৱল চখ নহয়, যত্নৰো প্ৰয়োজন। বহুতে ভাবে যে টাবৰ পৰা মাটি বা বোকা পৰি ঘৰ লেতেৰা হ’ব ৷ সেয়েহে ঘৰৰ ভিতৰত গছ লগোৱাৰ পৰা বিৰত থাকে ৷
কিন্তু আপুনি জানেনে, এনেকুৱা কিছুমান গছ আছে যিবোৰৰ বৃদ্ধি হ’বলৈ মাটি বা বায়ুতকৈ পানীৰ প্ৰয়োজন বেছি। ঘৰৰ ভিতৰত কাঁচৰ পাত্ৰত পানীত ৰাখিলেই এনে গছ লহপহকৈ বাঢ়ে ৷ কোনবোৰ গছৰে আপুনি আপোনাৰ ঘৰখন সজাব পাৰে জানি লওক-
স্পাইডাৰ প্লান্ট
এই উদ্ভিদে ঘৰৰ ভিতৰৰ বায়ু প্ৰদূষণমুক্ত কৰাত সহায় কৰে। সৰু জোপোহা গছজোপা টেবুল বা কোঠাটোৰ কোনো চুকত সজাই থলেও বৰ ভাল লাগে। স্পাইডাৰ প্লান্ট বৃদ্ধিৰ বাবে পানী উপযুক্ত । এই উদ্ভিদ যত্ন কমকৈ ল’লেও হয় ৷
লাকী বেম্বু
কেৱল ঘৰখন সজাবলৈ নহয়, বহুতে এই গছজোপা ঘৰত এক প্ৰকাৰৰ ‘শ্ব’ পিচ’ হিচাপে ৰাখে। এই গছজোপাই শুভকামনা কঢ়িয়াই আনে বুলি একাংশ লোকে বিশ্বাস কৰে। এই গছজোপা পানীত জীয়াই থাকে
পোথছ
এই তালিকাৰ আন এটা সংযোজন হৈছে পোথছ। পাতত সেউজীয়া ৰঙৰ হালধীয়া দাগ থাকে। টেবুলত থৈ দিলে ধুনীয়া দেখা যায়। পানীত এই গছো জীয়াই থাকে ৷
স্ন্যেক প্লাণ্ট
ঘৰৰ ভিতৰৰ বায়ু বিশুদ্ধ কৰাৰ বাবে এই উদ্ভিদ উপকাৰী। পানীত এই উদ্ভিদ জীয়াই থাকিব পাৰে। লগতে পানীত ৰাখিলেও ই বৃদ্ধি হয়। বিশেষ যত্নৰ প্ৰয়োজন নাই।
মনষ্টেৰা
এই গছৰ পাত যথেষ্ট ডাঙৰ আৰু খোদিত শিল্পৰ দৰে দেখা যায়। মাটিত এই উদ্ভিদ বঢ়াৰ লগতে ই পানীতো জীয়াই থাকিব পাৰে। কিন্তু কেৱল পানীত ৰাখিলে অলপ অতিৰিক্ত যত্নৰ প্ৰয়োজন।