যিকোনো ধৰণৰ ৰোগ নিৰাময়ৰ বাবে আমি প্ৰায়ে ঔষধ ব্যৱহাৰ কৰোঁ। কিন্তু আপুনি বাৰু জানেনে যে ঔষধ খোৱাৰ পিছত আমি প্ৰায়ে কিছুমান ভুল কৰোঁ যিবোৰ কৰা উচিত নহয়?
বহু সময়ত এনেকুৱা হয় যে চিকিৎসকে ৰোগীক ঔষধৰ এটা কোৰ্চ দিয়ে অৰ্থাঃ এক নিৰ্দিষ্ট সময়সীমালৈকে ৰোগীক ঔষধ গ্ৰহণৰ পৰামৰ্শ দিয়ে কিন্তু আমাৰ মাজৰ বহুজনেই ইয়াক পালন নকৰোঁ।
বেমাৰ হোৱাৰ সময়ত আমি ঔষধ খাওঁ আৰু তাৰ পিছত সামান্য আৰোগ্য হ’লেই ঔষধ খাবলৈ সম্পূৰ্ণৰূপে এৰি দিওঁ। এনে কৰাৰ ফলত আমাৰ স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে। কিয়নো চিকিৎসকে দিয়া পৰামৰ্শ সম্পূৰ্ণৰূপে পালন নকৰিলে ঔষধে প্ৰায়ে সঠিকভাৱে কাম নকৰে। যাৰ ফলত যিকোনো ৰোগৰ পৰা ৰোগীগৰাকী সম্পূৰ্ণৰূপে মুক্ত হ’ব নোৱাৰে।
সেয়েহে ঔষধ খোৱাৰ পিছত কেতিয়াও কিছুমান ভুল কৰা অনুচিত-
- ঔষধ খোৱাৰ পিছত কেতিয়াও আঙুৰ বা টেঙা ফল খাব নালাগে কাৰণ ইয়াৰ ফলত ঔষধ হজম কৰাত অসুবিধাৰ সৃষ্টি হয়।
- ঔষধ খোৱাৰ পিছত কেতিয়াও দুগ্ধজাত সামগ্ৰী সেৱন কৰিব নালাগে৷কাৰণ গাখীৰ, দৈ, পনিৰ আৰু দুগ্ধজাত সামগ্ৰী অতিৰিক্তভাৱে সেৱন কৰাৰ ফলত শৰীৰত ঘটা কোনো পাৰ্শ্ব-প্ৰতিক্ৰিয়া দেখা পোৱা নাযায়
- আমাৰ শৰীৰৰ ৰক্ত সঞ্চালনত টাইৰামিনৰ পৰিমাণ বেছি হ’লেও ৰক্তচাপ বৃদ্ধি পাব পাৰে। সেয়েহে ঔষধ খোৱাৰ সময়ত চকলেট, প্ৰচেছড মাংস, পনীৰ আৰু সৰিয়হৰ আদিৰ দৰে সাধাৰণ টাইৰামিন সমৃদ্ধ খাদ্যসমূহ খোৱা অনুচিত ।
- টাইৰামিন সমৃদ্ধ সেউজীয়া পাতৰ শাক-পাচলি সেৱন কৰা উচিত নহয় লগতে ঔষধ গ্ৰহণ কৰাৰ সময়ত মদ্যপান কৰাও উচিত নহয়।
- আমাক সদায় সেউজীয়া শাক-পাচলি খাবলৈ পৰামৰ্শ দিয়া হয়, কিন্তু যদি আপুনি তেজ পাতল কৰা ঔষধ খাই আছে তেন্তে ইয়াৰ সেৱন কম কৰা উচিত। সেউজীয়া শাক-পাচলিত অধিক পৰিমাণে পোৱা ভিটামিন ‘কে’এ ঔষধৰ তেজ জমা হোৱা ৰোধ কৰাৰ ক্ষমতা হ্ৰাস কৰিব পাৰে। হঠাতে খাদ্যত সেউজীয়া শাক-পাচলিৰ সংখ্যা বৃদ্ধি বা হ্ৰাস কৰিলে এনে হয়। সেয়েহে সম্পূৰ্ণৰূপে এৰি দিব নালাগে। কিন্তু নিয়মীয়াকৈ খালে আপোনাৰ শৰীৰত অৱশ্যেই সুষম হৈ থাকিব ভিটামিন কেৰ মাত্ৰা ।