আজি ১৭ জুন। অসমৰ সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনক সমৃদ্ধ কৰা বৰেণ্য অসমীয়া ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজাদিন। ১৯০৩ চনৰ আজিৰ দিনটোতেই ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহ বাগিছাত জন্মগ্ৰহণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই। তেওঁৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা।
গীত-নৃত্য, নাটক-চিনেমা, কবিতা, সাহিত্য ইত্যাদি সকলো দিশতে পাৰদর্শী জ্যোতিপ্ৰসাদ আগৰৱালা হৈছে অসমীয়া চিনেমাৰ বাটকটীয়া। ১৯৩৫ চনত তেখেতে নিৰ্মাণ কৰিছিল প্ৰথম অসমীয়া চিনেমা ‘জয়মতী’। ইয়াৰ পাছত পৰ্যায়ক্ৰমে অসমীয়া ভাষা সাহিত্য তথা সংস্কৃতিৰ দৌল নিৰ্মাণত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। স্বাধীনতা আন্দোলনতো জপিয়াই পৰিছিল সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাই ।
বহু প্ৰতিভাৰ জিলিকনি এইগৰাকী বৰণ্য অসমীয়াৰ ১৯৫১ চনৰ ১৭ জানুৱাৰীৰ দিনা মৃত্যু ঘটে। তেওঁৰ মৃত্যু তিথিটো শিল্পী দিৱস হিচাপে ৰাজ্যজুৰি পালন কৰা হয়।আজি ওপজা দিনটোত ৰূপকোঁৱৰক সুৱৰি বিভিন্ন কার্যসূচীৰ আয়োজন কৰা হৈছে ৷