লোকসভা নির্বাচনৰ পাছতে আজি অসম মন্ত্ৰীসভাৰ কিছু সাল সলনি কৰা হয়। এতিয়াৰে পৰা স্বাস্থ্য বিভাগৰ দায়িত্বৰ পৰা আঁতৰিব কেশৱ মহন্ত ৷ এই বিভাগটোৰ দায়িত্ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই নিজেই গ্ৰহণ কৰিছে ৷
ইয়াৰ বিপৰীতে কেশৱ মহন্তক দিয়া হৈছে পৰিবহণ, আৱকাৰী আৰু মীন বিভাগ ৷ অৱশ্যে পূর্বৰ বিজ্ঞান-প্ৰযুক্তি- জলবায়ু পৰিৱৰ্তন আৰু তথ্য প্ৰযুক্তি বিভাগৰ দায়িত্বও থাকিব কেশৱ মহন্তৰ হাতত । পূৰ্বে পৰিবহণ, আবকাৰী, মীন আদি বিভাগৰ দায়িত্ব পালন কৰি আছিল পৰিমল শুক্লবৈদ্যই। এইবাৰ লোকসভাত শুক্লবৈদ্য শিলচৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছে ৷ সেয়ে তেওঁ অসম মন্ত্ৰীসভাৰ লগতে অসম বিধানসভাৰ পৰাও পদত্যাগ কৰিছে। যাৰ বাবে সেই বিভাগসমূহৰ দায়িত্ব কেশৱ মহন্তক প্ৰদান কৰি অতি গুৰুত্বপূৰ্ণ স্বাস্থ্য বিভাগ মুখ্যমন্ত্ৰীয়ে নিজৰ হাতলৈ নিছে।
মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বেও এই বিভাগৰ দায়িত্বত দীৰ্ঘ সময়ৰ বাবে আছিল হিমন্ত বিশ্ব শৰ্মা। বৰ্তমান মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ হাতত আছে গৃহ, কৰ্মচাৰী, লোক নিৰ্মাণ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা, খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস, সংস্কৃতিৰ উপৰিও কোনো মন্ত্ৰীক বিতৰণ নকৰা অন্যান্য বিভাগসমূহ। শীঘ্ৰে মন্ত্ৰীসভাৰ সালসলনি কৰা হ’ব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শর্মাই ৷