নীট ইউজিৰ পিছত এইবাৰ ইউজিচি নেট পৰীক্ষাক লৈ সৃষ্টি হৈছে বিতর্ক । বিশ্ববিদ্যালয় অনুদান আয়োগে বুধবাৰে সন্ধিয়া অনিয়মৰ অভিযোগৰ বাবে ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নেট) বাতিল কৰাৰ কথা ঘোষণা কৰে। পৰীক্ষা বাতিলৰ সিদ্ধান্ত ৰাজহুৱা হোৱাৰ পাছত শিক্ষার্থীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
যোৱা মঙলবাৰে (১৮ জুন) প্ৰায় ৯ লাখ ছাত্ৰ-ছাত্ৰীয়ে নেট পৰীক্ষা দিছিল। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ সংস্থা ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক’অৰ্ডিনেচন চেণ্টাৰ (১৪চি)ৰ নেশ্যনেল চাইবাৰ ক্ৰাইম থ্ৰেট এনালাইটিক্স ইউনিটৰ পৰা পোৱা কিছু তথ্যৰ ভিত্তিত পৰীক্ষাত প্ৰশ্ন ফাদিল হোৱাৰ বিষয়টো লক্ষ্য কৰিছে চৰকাৰী সূত্ৰ। ইয়াৰ পিছত আয়োজক সংস্থা ‘ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা’ চমুকৈ এন টি এ-এ পৰীক্ষা বাতিল কৰিবলৈ মন্ত্ৰালয়লৈ বাৰ্তা প্ৰেৰণ কৰে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি পিটিআইয়ে কয় যে শিক্ষা মন্ত্ৰালয়ে এই অনিয়মৰ তদন্ত চিবিআইক গতাই দিয়াৰ সিদ্ধান্ত লৈছে।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে প্ৰতি বছৰে জুন আৰু ডিচেম্বৰ মাহত ইউজিচি নেট পৰীক্ষাৰ আয়োজন কৰা হয়। এই পৰীক্ষা পৰিচালনাৰ দায়িত্ব ৰাষ্ট্ৰীয় পৰীক্ষা পৰিচালক সংস্থাৰ। ই হৈছে দেশৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ‘জুনিয়ৰ ৰিচাৰ্চ ফেল’শ্বিপ’ আৰু ‘এচিষ্টেণ্ট প্ৰফেচাৰ’ নিযুক্তিৰ বাবে অৰ্হতা পৰীক্ষা। এইবাৰ ইউজিচি নেট ১৬ জুনত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু যোৱা মাহৰ শেষৰ ফালে এটা অধিসূচনাৰ জৰিয়তে ঘোষণা কৰা হৈছিল যে বিশেষ কাৰণত পৰীক্ষাৰ দিন ১৮ জুনলৈ পিছুৱাই দিয়া হ’ব। সেইদিনা দেশৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত ‘অ’এমআৰ’ শ্বীটৰ জৰিয়তে পৰীক্ষাৰ আয়োজন কৰা হৈছিল।